অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটালে প্ৰধানমন্ত্ৰী মোদীয়ে। কিয় ছচিয়েল মিডিয়া ত্যাগ কৰিব সেই সম্পৰ্কে টুইটাৰযোগে স্পষ্ট কৰিলে মোদীয়ে। সোমবাৰে নিশা এটা টুইটযোগে মোদীয়ে ছচিয়েল মিডিয়াত ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। মোদীৰ টুইটক লৈ চৌদিশে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। আজি সেই ৰহস্য ফাদিল কৰিলে প্ৰধানমন্ত্ৰীয়ে।
মঙলবাৰে দুপৰীয়া স্পষ্ট হ’ল, এদিনৰ বাবে ছচিয়েল মিডিয়া এৰিব বিচাৰিছে মোদীয়ে। আৰু সেয়া নাৰী দিৱস উপলক্ষে। মোদীয়ে টুইটাৰযোগে জনায় – ‘এই নাৰী দিৱসত মই মোৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট সেইসকলৰ মহিলাৰ বাবে উছৰ্গা কৰিব বিচাৰিছো, যিসকলৰ জীৱন আৰু কাম–কাজে আমাক অনুপ্ৰাণিত কৰিছে। ইয়াৰ ফলত লাখ লাখ মহিলাৰ মাজত নতুনকৈ কাম কৰাৰ উৎসাহ যাগিব। যদিও আপুনিও এনে এগৰাকী মহিলা, বা যদি তেনে কোনো মহিলাক চিনি পায় তেন্তে সেই কাহিনী #SheInspiresUs হেছটেগ ব্যৱহাৰ কৰি শ্বেয়াৰ কৰিব পাৰে।
মোদীয়ে টুইটৰ সৈতে এখন ফটোও শ্বেয়াৰ কৰিছে য’ত এই সম্পৰ্কে বিৱৰণ দিয়া হৈছে। টুইট কৰাৰ উপৰি ফেচবুক, ইনষ্টাগ্ৰামতো পোষ্ট কৰিব পাৰিব। যদি কোনোৱে ভিডিঅ’ শ্বুট কৰিব বিচাৰে, সেয়াও কৰিব পাৰে। #SheInspiresUs হেছটেগ ব্যৱহাৰ কৰি সেই ভিডিঅ’ আপলোড কৰিব লাগিব ইউটিউবত।
Published by: Sanjay Kumar Das
First published: March 03, 2020, 14:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|