মুখ্যপৃষ্ঠা »খবৰ »দেশ »মই প্ৰথমে বিজেপিৰ কৰ্মকৰ্তা, তাৰ পিছতহে প্ৰধানমন্ত্ৰী : মোদী

মই প্ৰথমে বিজেপিৰ কৰ্মকৰ্তা, তাৰ পিছতহে প্ৰধানমন্ত্ৰী : মোদী

লোকসভা নিৰ্বাচনত ঈৰ্ষণীয় সফলতা লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়।

  • Share this:
    লোকসভা নিৰ্বাচনত ঈৰ্ষণীয় সফলতা লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয়। মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত পূজা–অৰ্চনা আগবঢ়োৱাৰ পিছতে দলীয় কৰ্মকৰ্তাক সম্বোধন কৰে। মোদীয়ে কয় – মই প্ৰথমে বিজেপিৰ কৰ্মকৰ্তা, তাৰ পিছতহে প্ৰধানমন্ত্ৰী। মই কেৱল ইয়ালৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিলো। কিন্তু কাশীৰ জনতাই নিজেই মোৰ বাবে নিৰ্বাচনত যুঁজিলে আৰু প্ৰতিজনেই নৰেন্দ্ৰ মোদী হ’ল।’

    কাশীৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে এই নিৰ্বাচনত প্ৰতিগৰাকী কৰ্মকৰ্তাই সম্পূৰ্ণ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে। মোক জয়ী কৰোৱাৰ বাবে সকলো ভোটাৰক কৃতজ্ঞতা জনাইছো। মোৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিৰোধী দলৰ প্ৰাৰ্থীকো ধন্যবাদ জনাব বিচাৰিছো।

    ইয়াৰ পূৰ্বে দেওবাৰে গুজৰাট ভ্ৰমণলৈ যোৱা মোদীয়ে মাতৃ হীৰাবেনক সাক্ষাৎ কৰে। মাতৃৰ আশীৰ্বাদ লোৱাৰ লগতে কিছু সময় বহি কথা–বতৰা পাতে মাতৃৰ সৈতে। বহুসংখ্যক আত্মীয়ও মোদীক সাক্ষাৎ কৰাৰ বাবে উপস্থিত হৈছিল বাসগৃহত।

    শেহতীয়া বাতৰি