உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 'আন্দোলন নকৰিলে এটা শ্ৰেণী জীয়াই থাকিব নোৱাৰে'- 'আন্দোলনজীৱি'ৰ কবলৰ পৰা দেশক ৰক্ষা কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

    'আন্দোলন নকৰিলে এটা শ্ৰেণী জীয়াই থাকিব নোৱাৰে'- 'আন্দোলনজীৱি'ৰ কবলৰ পৰা দেশক ৰক্ষা কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, সমাজত এটা নতুন শ্ৰেণীৰ সৃষ্টি হৈছে। যাৰ নাম হৈছে আন্দোলনজীৱি।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, সমাজত এটা নতুন শ্ৰেণীৰ সৃষ্টি হৈছে। যাৰ নাম হৈছে আন্দোলনজীৱি।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, সমাজত এটা নতুন শ্ৰেণীৰ সৃষ্টি হৈছে। যাৰ নাম হৈছে আন্দোলনজীৱি।

    • Share this:
    সংসদৰ মজিয়াত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা নতুন শ্ৰেণীৰ কথা উল্লেখ কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে, সমাজত এটা নতুন শ্ৰেণীৰ সৃষ্টি হৈছে। যাৰ নাম হৈছে আন্দোলনজীৱি। আৰু আন্দোলন নকৰিলে সেই বিশেষ শ্ৰেণীটো জীয়াই থাকিব নোৱাৰে। কিন্তু এতিয়া সেই বিশেষ শ্ৰেণীটোক চিনাক্ত কৰাৰ সময় সমাগত।



    প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, 'যিকোনো প্ৰতিবাদ হ'লেই সেই আন্দোলনজীৱিসকল জপিয়াই পৰে। ছাত্ৰ-ছাত্ৰী, অধিবক্তাৰ পৰা যোনেই আন্দোলন নকৰক কিয়, সেই বিশেষ শ্ৰেণীটোৱে আন্দোলনত জপিয়াই পৰে।'

    উল্লেখ্য যে, দিল্লীৰ কৃষক বিদ্ৰোহৰ সমত হোৱা হিংসাত্মক ঘটনাৰ আলমলৈ প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰিছে বুলি ধাৰণা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ মন্তব্য এতিয়া ৰাইজে কিদৰে গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়।
    Published by:Himangshu Bhuyan
    First published: