• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Narendra Modi: পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বোজা হ্ৰাসক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কি ক'লে?

PM Narendra Modi: পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বোজা হ্ৰাসক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে কি ক'লে?

মোদীয়ে কয়- ''কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাটো অধিক অত্যাৱশ্যকীয় হৈ পৰিছে''

মোদীয়ে কয়- ''কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাটো অধিক অত্যাৱশ্যকীয় হৈ পৰিছে''

মোদীয়ে কয়- ''কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাটো অধিক অত্যাৱশ্যকীয় হৈ পৰিছে''

  • Share this:
দেশত কোৰোনাৰ বৰ্ধিত ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনামূলক বৈঠকত অংশ লয়। বৈঠকত  কোৰোনাৰ আশংকাক লৈ আলোচনা কৰাৰ মাজতে তেওঁ  পেট্ৰ'ল আৰু ডিজেলৰ (Petrol and Diesel Price Hike) বৰ্ধিত মূল্যৰ বোজা হ্ৰাসক লৈ মত আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে  ভাৰতৰ অৰ্থনীতিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মীমাংসা আগতকৈ অধিক প্ৰয়োজনীয় বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰাটো অধিক অত্যাৱশ্যকীয় হৈ পৰিছে।

কিন্তু এই দিশত বিজেপি বিৰোধী চৰকাৰ থকা ৰাজ্যসমূহৰ স্থিতিক সমালোচনা কৰি পেট্ৰ'ল ডিজেলৰ মূল্যৰ প্ৰসংগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক আবকাৰী শুল্ক হ্ৰাস কৰিবলৈ আবেদন জনাই কয় যে পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বোজা হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা নৱেম্বৰত আবকাৰী শুল্ক হ্ৰাস কৰিছে। ৰাজ্যসমূহকো তেওঁলোকৰ কৰ হ্ৰাস কৰিবলৈও আহ্বান জনাইছিল। কিছুমান ৰাজ্যই তেওঁলোকৰ কৰ হ্ৰাস কৰিছে, কিন্তু কিছুমান ৰাজ্যই ইয়াৰ সুবিধা তেওঁলোকৰ লোকসকলক দিয়া নাই।

ৰাজ্যসমূহৰ নাম উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে (PM Narendra Modi) কয় যে মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কেৰালা, ঝাৰখণ্ড, তামিলনাডুৱে কোনো কাৰণত কেন্দ্ৰীয় চৰকাৰৰ কথা নুশুনিলে আৰু সেই ৰাজ্যসমূহৰ নাগৰিকসকল ভাৰাক্ৰান্ত হৈ পৰিছে। তেওঁ মুখ্যমন্ত্ৰীসকলক কয় যে মোৰ প্ৰাৰ্থনা হৈছে যে এতিয়া ভেট হ্ৰাস কৰি নাগৰিকসকলক ইয়াৰ সুবিধা লাভ কৰিবলৈ দিব লাগে।
Published by:Gautam Barman
First published: