
বিগত সপ্তাহত ১০ শতাংশৰো অধিক পজিটিভিটী ৰেট থকা ৫খন জিলাৰ তিনিখন উত্তৰ–পূবৰ।
বিগত সপ্তাহত ১০ শতাংশৰো অধিক পজিটিভিটী ৰেট থকা ৫খন জিলাৰ তিনিখন উত্তৰ–পূবৰ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে মঙলবাৰে উত্ত–পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব আৰু ৰাজ্যসমূহত কোভিড পৰিস্থিতি আৰু টিকাকৰণ অভিযানৰ বুজ ল’ব। সোমবাৰে এগৰাকী বিষয়াই সদৰি কৰিছে এই কথা। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ৰাজ্য়সমূহত কোভিড–১৯ৰ স্থিতিৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ভেকচিনেচন অভিযান সন্দৰ্ভতো মুখ্যমন্ত্ৰীসকলৰ পৰা বুজ ল’ব।
বিগত সপ্তাহত ১০ শতাংশৰো অধিক পজিটিভিটী ৰেট থকা ৫খন জিলাৰ তিনিখন উত্তৰ–পূবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সংখ্যা অনুসৰি, ৫ জুলাইৰ পৰা ১১ জুলাইৰ ভিতৰত যি ৫৮খন জিলাত পজিটিভিটী ৰেট ১০ শতাংশৰ অধিক, তাৰ ভিতৰত তিনিখন জিলা উত্তৰ–পূবৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|