• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি অযোধ্যাৰ বিখ্যাত দীপোৎসৱত অংশ গ্ৰহণেৰে দেৱালী উৎসৱ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

আজি অযোধ্যাৰ বিখ্যাত দীপোৎসৱত অংশ গ্ৰহণেৰে দেৱালী উৎসৱ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

১৮ লক্ষাধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰাৰ প্ৰয়াস উত্তৰ প্ৰদেশ চৰকাৰৰ

১৮ লক্ষাধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰাৰ প্ৰয়াস উত্তৰ প্ৰদেশ চৰকাৰৰ

১৮ লক্ষাধিক চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰাৰ প্ৰয়াস উত্তৰ প্ৰদেশ চৰকাৰৰ

  • Share this:
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অযোধ্যাৰ বিখ্যাত দীপোৎসৱত অংশ গ্ৰহণ কৰি দেৱালী উৎসৱ আৰম্ভ কৰিব। জানিব পৰা মতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যাৰ লেজাৰ লাইট আৰু সংগীত অনুষ্ঠানও চাব আৰু ৰাম লাল্লা বিৰাজমানৰ দৰ্শন আৰু পূজা কৰিব। তেওঁৰ এই কাৰ্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব।

অযোধ্যাত ষষ্ঠবাৰৰ বাবে এইবাৰ দেৱালী উৎসৱ উদযাপনৰ আয়োজন কৰা হৈছে। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উত্তৰ প্ৰদেশ চৰকাৰে ৰাম কি পেইদি আৰু অযোধ্যাৰ অন্যান্য ঠাইত ১৮ লাখ চাকি জ্বলাই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড অৰ্জন কৰাৰ প্ৰয়াসৰ ওপৰত দৃষ্টি ৰাখিছে। এই অনুষ্ঠানটোৰ সময়ত আতচবাজী, লেজাৰ শ্ব’ আৰু ৰামলীলাও মঞ্চস্থ কৰা হ’ব।

ৰাম কি পেইদীত ২২,০০০ তকৈও অধিক স্বেচ্ছাসেৱকে ১৫ লাখতকৈও অধিক চাকি জ্বলাব। বাকী চাকিবোৰ গুৰুত্বপূৰ্ণ চাৰিআলি আৰু বিভিন্ন ঠাইত জ্বলোৱা হ’ব।

দীপোৎসৱৰ অংশ হিচাপে প্ৰায় ১৮ লাখ চাকি পোহৰৰ উৎসৱ উপলক্ষে প্ৰজ্বলন কৰা হ’ব। এই পোহৰৰ নামাকৰণ ভগৱান ৰাম, নিশদৰাজ আৰু অহিলিয়াৰ পৰিয়ালৰ সদস্যসকলৰ নামেৰে ৰখা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন নৃত্যৰ সৈতে পাঁচটা এনিমেটেড টেবলিয়াছ আৰু এঘাৰটা ৰামলীলা ট্যাবলিয়াছ প্ৰত্যক্ষ কৰিব।

মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী মোদীৰ অযোধ্যা ভ্ৰমণ এনে এক সময়ত আহি পৰিছে যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত গুজৰাট আৰু হিমাচল প্ৰদেশত কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ'বলৈ সাজু হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি