কোৰোণা সংকট আৰু চীনৰ সৈতে সীমা বিবাদৰ মাজত আজি আবেলি ৪বজাত দেশবাসীক সম্বোধন কৰিব PM মোদীয়ে

News18 Assam | News18-Assam
Updated:June 30, 2020, 12:36 AM IST
কোৰোণা সংকট আৰু চীনৰ সৈতে সীমা বিবাদৰ মাজত আজি আবেলি ৪বজাত দেশবাসীক সম্বোধন কৰিব PM মোদীয়ে
দেশত কোৰোণা আক্ৰান্তৰ সংখ্যা ৫লাখ পাৰ হৈছে আৰু ভাৰত চীন সীমা সংঘাত অব্যাহত আছে। 

দেশত কোৰোণা আক্ৰান্তৰ সংখ্যা ৫লাখ পাৰ হৈছে আৰু ভাৰত চীন সীমা সংঘাত অব্যাহত আছে। 

  • Share this:
নতুন দিল্লীঃ মঙলবাৰ অৰ্থাৎ আজি আবেলি ৪বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দেশত ৫লাখ অতিক্ৰম কৰিছে আৰু ভাৰত–চীন সীমা বিবাদ তুংগত উঠিছে। ইয়াৰ মাজতে দেশত ১জুলাইৰ পৰা আনলক ২.০ Unlock 2.0ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’বলৈ গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনলক ৱানৰ প্ৰথম পৰ্যায় আৰম্ভ হোৱাৰ পিছতে ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছৰ এক কাৰ্যসূচীত অংশ লৈ দেশবাসীক সম্বোধন কৰিছিল। ইয়াৰ পিছতে ২১জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যতো দেশবাসীক সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰীয়ে।



দেশত কোৰোণাৰ সংক্ৰমণ বিয়পি পৰাৰ পিছত এয়া দেশবাসীক ষষ্ঠবাৰলৈ সম্বোধন কৰিবলৈ গৈ আছে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে এই সংক্ৰান্তত ১২মে’ত কৰা সম্বোধনত তেওঁ ২০লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰিছিল।
First published: June 30, 2020, 12:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading