‘দীঘলীয়া যুদ্ধ জয় কৰাৰ এয়া এক আৰম্ভনি, দেশবাসীক ধন্যবাদ, সামাজিক দূৰত্ব বজাই ৰাখক’

News18 Assam | News18-Assam
Updated:March 23, 2020, 8:45 AM IST
‘দীঘলীয়া যুদ্ধ জয় কৰাৰ এয়া এক আৰম্ভনি, দেশবাসীক ধন্যবাদ, সামাজিক দূৰত্ব বজাই ৰাখক’
টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে ধন্যবাদ

টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক জনালে ধন্যবাদ

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানলৈ সঁহাৰি জনালে দেশবাসীয়ে। আজি আহ্বান কৰা জনতা কাৰ্ফিউৰ পিছত সন্ধিয়া পাঁচ বজাত ঘৰৰ দুৱাৰ মুখত, বেলকনিত বৰ্তমান জৰুৰী কালীন সেৱাত নিয়োজিত কৰ্মীসকলক সন্মান জনাবলৈ হাত–চাপৰি, ঘণ্টা, কাঁহি বজাবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানক সঁহাৰি জনাই অসমতো সকলোৱে এই কাম কৰা পৰিলক্ষিত হ’ল। দেশবাসীৰ এনে সঁহাৰিৰ পিছতে টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ধন্যবাদ জনায়।



টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখে যে–  ‘এখন দীঘলীয়া যুদ্ধ জয় কৰাৰ এয়া এক আৰম্ভণি। এই সংকল্পৰে এই সময়ৰ পৰাই এক দীঘলীয়া সময়লৈকে সামাজিক  দুৰত্ব বজাই ৰাখক।’
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading