কোৰোণা ভেকচিনৰ প্ৰথমটো ড’জ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। ডিঙিত গামোচা লৈ AIIMSত এই ভেকচিন ল’লে মোদীয়ে। নিজেই টুইট কৰি এই কথা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কোৰোণাৰ টিকাকৰণৰ সৈতে জড়িত দেশৰ চিকিৎসক, গৱেষকসকলক ভূয়সী প্ৰশংসাও কৰে মোদীয়ে। বিশ্বজুৰি কোৰোণাৰ সৈতে যুদ্ধত ভাৰতীয় গৱেষক আৰু চিকিৎসকসকলৰ ভূমিকা অনস্বীকাৰ্য আৰু কোৰোণা টিকাকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰি জনসাধাৰণৰ মাজলৈ স্বস্তি আনিছে তেওঁলোকে, এই কথাও টুইটত উল্লেখ কৰে মোদীয়ে। দেশত যিসকলৰ কোৰোণাৰ টিকা লোৱাত সমস্যা নাই, তেওঁলোকক টিকাকৰণ প্ৰক্ৰিয়াৰ অংশ হ’বলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীক ভাৰত বায়’টেকৰ কোভেক্সিনৰ প্ৰথম ড’জ দিয়া হয়। ভেকচিন প্ৰদানত সহায় কৰে পুডুচেৰীৰ নাৰ্ছ পি নিভেদাই।
আজিৰে পৰা দেশত কোৰোণাৰ টিকাকৰণৰ গতি আৰু বৃদ্ধি পাব বুলি আশা কৰা হৈছে। আজিৰে পৰা সাধাৰণ মানুহৰ বাবে বেচৰকাৰী হাস্পতালত আৰম্ভ হ’ব টিকাকৰণ। ষাঠিৰোৰ্ধ্বৰ আৰু ৪৫ বছৰ বা তাতকৈ বেছি যিসকলৰ কোমৰ্বিডিটি আছে, তেওঁলোকে এই টিকা নিজে গৈ ল’ব পাৰিব। ইয়াৰ বাবে খৰচ হ’ব সামান্য। ১৯২টা কেন্দ্ৰৰ ভিতৰত ১৩৬টা বেচৰকাৰী কেন্দ্ৰ আছে। এই কথা জনাইছে দিল্লীৰ এজন চৰকাৰী বিষয়াই। চৰকাৰী হাস্পতালত এই টিকা বিনামূলীয়াকৈ লাভ কৰাৰ বিপৰীতে বেচৰকাৰী হাস্পতালত ইয়াৰ বাবে খৰচ হ’ব মাত্ৰ ২৫০ টকা। আজি দুপৰীয়া ১২ বজাৰ পৰা এই টিকাকৰণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে কেৱল প্ৰথমশাৰীৰ যোদ্ধাসকলে লাভ কৰিছিল কোৰোণাৰ ভেকচিন।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|