• Home
  • »
  • News
  • »
  • nation
  • »
  • Global COVID-19 Summit: ভেকচিন প্ৰমাণপত্ৰৰ স্বীকৃতিৰ আহ্বানকে ধৰি বিশ্বৰ আগত PM মোদীয়ে দাঙি ধৰিলে দেশৰ কোভিড প্ৰসংগ

Global COVID-19 Summit: ভেকচিন প্ৰমাণপত্ৰৰ স্বীকৃতিৰ আহ্বানকে ধৰি বিশ্বৰ আগত PM মোদীয়ে দাঙি ধৰিলে দেশৰ কোভিড প্ৰসংগ

জো বাইডেনৰ দ্বাৰা সময়মতে আৰম্ভ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ যোগ্য বুলি উল্লেখ কৰে মোদীয়ে

জো বাইডেনৰ দ্বাৰা সময়মতে আৰম্ভ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ যোগ্য বুলি উল্লেখ কৰে মোদীয়ে

জো বাইডেনৰ দ্বাৰা সময়মতে আৰম্ভ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ যোগ্য বুলি উল্লেখ কৰে মোদীয়ে

  • Share this:

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আয়োজিত কোভিড-১৯ সন্মিলনত যোগদান কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত ভাৰতক প্ৰদান কৰা সংহতি আৰু সমৰ্থনৰ বাবে বিশ্বক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০ কোটিতকৈ অধিক ভাৰতীয়ৰ সম্পূৰ্ণ টিকাকৰণ হৈছে। ভাৰতত কোভিড-১৯ ভেকচিনৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে আন দেশবোৰলৈও ইয়াৰ যোগানৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ উল্লেখ কৰে।


প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে সদায় মানৱতাবাদক এটা পৰিয়াল হিচাপে দেখি আহিছে। দেশখনে কোৰোনাৰ বিৰুদ্ধে যুদ্ধৰ সময়ত ব্যয়সাপেক্ষ ডায়গনষ্টিক কিট, ঔষধ, চিকিৎসা সঁজুলি আৰু পিপিই কিট প্ৰস্তুত কৰিছিল। বহুতো উন্নয়নশীল দেশলৈও ইয়াৰ যোগান ধৰি থকা হৈছে।


প্ৰধানমন্ত্ৰী মোদীৰ জো বাইডেনৰ উদ্যোগক প্ৰশংসা
তেওঁ কোৰোনা কালত ভাৰতে ১৫০খনতকৈও অধিক দেশক সহায় কৰা আৰু অত্যাৱশ্যকীয় ঔষধ প্ৰদানৰ কথা ব্যক্ত কৰে। মোদীয়ে লগতে কয় যে সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। পৃথিৱীৰ বেছিভাগ লোক এতিয়াও টিকাকৰণৰ বাহিৰতে আছে। সেয়েহে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা সময়মতে আৰম্ভ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ যোগ্য বুলি উল্লেখ কৰে।


কৰোনা ভেকচিন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়– ''এই বছৰৰ আৰম্ভণিতে মহামাৰীৰ বিৰুদ্ধে ভেকচিন প্ৰস্তুত কৰা আৰম্ভ কৰিছোঁ। এই বছৰৰ আৰম্ভণিতে, আমি ৯৫খন দেশকে ধৰি ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসকলৰ সৈতে আমাৰ ভেকচিন ভাগ–বাটোৱাৰা কৰিছিলোঁ, আৰু যেতিয়া আমি দ্বিতীয় ঢৌৰ এক ভয়ংকৰ প্ৰাদুৰ্ভাৱৰ মাজেৰে গৈ আছিলোঁ, তেতিয়া বিশ্বই এটা পৰিয়াল হিচাপে ভাৰতৰ কাষত থিয় দিছিল। এই সমৰ্থন আৰু সংহতিৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।''


ভাৰতত ভেকচিনৰ দ্ৰুত উৎপাদন বৃদ্ধি পাইছে: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত ভেকচিনৰ উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰি থকা হৈছে, যাতে আন দেশবোৰক পুনৰ ভেকচিন যোগান ধৰিব পাৰি। অৱশ্যে, তেওঁ এইক্ষেত্ৰত কেঁচা সামগ্ৰীৰ যোগান শৃংখলা মুকলি থাকিব লাগিব বুলি কয়। তেওঁ কয়– ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলাই আছে। শেহতীয়াকৈ, দেশখনত এদিনত ২.৫ কোটি লোকক ভেকচিন দিয়া হৈছিল।


প্ৰধানমন্ত্ৰীয়ে সকলো দেশক ইখনে সিখনৰ ভেকচিন প্ৰমাণপত্ৰক স্বীকৃতি দিবলৈ আহ্বান জনাই কয় যে ইখনে সিখন দেশৰ ভেকচিন প্ৰমাণপত্ৰ স্বীকাৰ কৰি আমি আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সহজ কৰি তুলিব পাৰোঁ।

Published by:Gautam Barman
First published: