• Home
  • »
  • News
  • »
  • nation
  • »
  • "সন্ত্ৰাসবাদৰ আশংকাৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ বিশ্বই একত্ৰিত হ’ব লাগিব"- ইণ্টাৰপ’লৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

"সন্ত্ৰাসবাদৰ আশংকাৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ বিশ্বই একত্ৰিত হ’ব লাগিব"- ইণ্টাৰপ’লৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ইন্টাৰপল সাধাৰণ সভাত ভাষণ দিয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ইন্টাৰপল সাধাৰণ সভাত ভাষণ দিয়ে

২৫ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতত অনুষ্ঠিত হৈছে ইন্টাৰপ’লৰ সাধাৰণ পৰিষদৰ বৈঠক। ভাৰতত শেষবাৰৰ বাবে এই সাধাৰণ সভা অনুষ্ঠিত হৈছিল ১৯৯৭ চনত। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে নতুন দিল্লীত এইবাৰৰ সাধাৰণ পৰিষদৰ আয়োজন কৰাৰ এক বিশেষ সুযোগ দিয়া হৈছে।

  • Share this:
২৫ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হৈছে ইণ্টাৰপ’লৰ সাধাৰণ পৰিষদৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ইন্টাৰপল সাধাৰণ সভাত ভাষণ দি কয় যে, "ভাৰত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এখন দেশ আৰু স্বাধীনতাৰ পূৰ্বেও আমি বিশ্বক উন্নত কৰাৰ বাবে ত্যাগ কৰি আহিছো।" সন্ত্ৰাসবাদৰ দৰে বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ বিশ্বকে একত্ৰিত হ'বলৈ তেওঁ আহ্বান জনায়। আপোনালোকক জনাওঁ যে এই সাধাৰণ সভাত ১৯৫ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। কোৱা হৈছে যে এই প্ৰতিনিধিসকলৰ ভিতৰত আছে সদস্য দেশৰ মন্ত্ৰী, আৰক্ষী অধীক্ষক, কেন্দ্ৰীয় ব্যুৰোৰ মুৰব্বী আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া।

ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ইন্টাৰপ'ল উভয়ৰে বাবে এই সময় গুৰুত্বপূৰ্ণ। ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন হৈছে। আমাৰ সংস্কৃতি, মানুহ আৰু কৃতিত্বৰ উদযাপন। ইণ্টাৰপ’লে এক ঐতিহাসিক মাইলৰ খুঁটিৰ কাষ চাপিছে। ২০২৩ চনত ইন্টাৰপ'লে ১০০ বছৰ সম্পূৰ্ণ কৰিব। ই বিশ্বক এখন উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ সাৰ্বজনীন সহযোগিতাৰ আহ্বান। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰত অন্যতম শীৰ্ষ ৰাষ্ট্ৰ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সময় আনন্দ আৰু চিন্তা কৰাৰ এক উত্তম সময়। বিফলতাৰ পৰা শিকিব, জয়ৰ উদযাপন কৰিব আৰু তাৰ পিছত আশাৰে ভৱিষ্যতলৈ চাওক। আমাৰ স্বাধীনতাৰ পূৰ্বেও আমি পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তুলিবলৈ ত্যাগ কৰি আহিছো। ভাৰতীয় আৰক্ষী বাহিনীয়ে ৯০০ৰো অধিক ৰাষ্ট্ৰীয় আৰু ১০ হাজাৰ ৰাজ্যিক আইন বলবৎ কৰে।

ইণ্টাৰপ’লৰ সাধাৰণ সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে বৈচিত্ৰ্য আৰু গণতন্ত্ৰ বজাই ৰখাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ বাবে এক অধ্যয়নৰ বিষয়। বিগত ৯৯ বছৰত আইনী কাঠামোৰ পাৰ্থক্য থকাৰ পিছতো ইণ্টাৰপ’লে ১৯৫ খন দেশত বিশ্বজুৰি আৰক্ষী সংগঠনসমূহক সংযোগ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে এখন উন্নত বিশ্বৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰয়োজনীয়।


প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়া ভাবুকিসমূহ বিশ্বব্যাপী হয় তেতিয়া ইয়াৰ সঁহাৰি স্থানীয় হ’ব নোৱাৰে। সন্ত্ৰাসবাদ, ড্ৰাগছ কাৰ্টেল, চোৰাং চিকাৰী গেং বা সংগঠিত অপৰাধৰ বাবে কোনো নিৰাপদ আশ্ৰয়স্থল থাকিব নালাগে। এই ভাবুকিবোৰক পৰাস্ত কৰিবলৈ বিশ্বই একত্ৰিত হোৱাৰ সময় আহি পৰিছে। এখন নিৰাপদ আৰু সুৰক্ষিত পৃথিৱী আমাৰ ভাগৰ দায়িত্ব। ভাল শক্তিয়ে যেতিয়া সহযোগিতা কৰে তেতিয়া অপৰাধৰ শক্তিয়ে কাম কৰিব নোৱাৰে।

ইণ্টাৰপ’লৰ সাধাৰণ সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জলবায়ুৰ লক্ষ্যৰ পৰা আৰম্ভ কৰি কোভিড ভেকচিনলৈকে যিকোনো সংকটত নেতৃত্ব দিবলৈ ভাৰতে ইচ্ছুকতা প্ৰদৰ্শন কৰিছে। যি সময়ত জাতি-সমাজবোৰে কেৱল নিজৰ স্বাৰ্থহে চোৱা-চিতা কৰি আছে, সেই সময়ত ভাৰতে অধিক ব্যাপক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ কথা কৈছে। স্থানীয় স্বাৰ্থৰ বাবে আমি বিশ্বব্যাপী সহযোগিতাৰ আহ্বান জনাইছো।

ইয়াত উল্লেখ কৰাটো প্ৰাসংগিক যে সাধাৰণ পৰিষদ ইণ্টাৰপ’লৰ সৰ্বোচ্চ শাসকীয় সংস্থা আৰু বছৰত এবাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ইন্টাৰপ’লৰ কাম-কাজ পৰ্যালোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয়। অনুমান কৰা হৈছে যে আজি অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিত্তীয় অপৰাধ আৰু দুৰ্নীতিৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হ’ব। ইণ্টাৰপ’লৰ সাধাৰণ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ইন্টাৰপলৰ সভাপতি আহমেদ নাছেৰ আল ৰাইছি আৰু ইয়াৰ সাধাৰণ সম্পাদক জুৰ্গেন ষ্টকো উপস্থিত থাকিব।

ভাৰতত ২৫ বছৰৰ পাছত অনুষ্ঠিত হৈছে ইন্টাৰপ'ল সাধাৰণ পৰিষদৰ বৈঠক
২৫ বছৰৰ ব্যৱধানৰ অন্তত ভাৰতত অনুষ্ঠিত হৈছে ইন্টাৰপ’লৰ সাধাৰণ পৰিষদৰ বৈঠক। ভাৰতত শেষবাৰৰ বাবে এই সাধাৰণ সভা অনুষ্ঠিত হৈছিল ১৯৯৭ চনত। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে নতুন দিল্লীত এইবাৰৰ সাধাৰণ পৰিষদৰ আয়োজন কৰাৰ এক বিশেষ সুযোগ দিয়া হৈছে। এই অনুষ্ঠানত ভাৰতৰ আইন-শৃংখলা ব্যৱস্থাৰ বিষয়ে বিশ্ববাসীক সজাগ কৰাৰ এক সুযোগ বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি