পুটিনৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ইউক্ৰেইন সংকট সন্দৰ্ভত ভাৰতৰ স্থিতি পুনৰ দোহাৰে আৰু ইয়াৰ সমাধান বিচাৰি কূটনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতিছিল, যিটো দুয়োখন দেশৰ নেতাৰ মাজত ফোনযোগে বাৰ্তালাপ হৈছিল। পুটিনৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে ইউক্ৰেইন সংকট সন্দৰ্ভত ভাৰতৰ স্থিতি পুনৰ দোহাৰে আৰু ইয়াৰ সমাধান বিচাৰি কূটনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে অতীতত ভ্লাদিমিৰ পুটিনৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছিল।
ইউক্ৰেইন সংকটৰ উপৰিও দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যকে ধৰি অন্যান্য গোলকীয় বিষয়ৰ লগতে পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত লোৱা সিদ্ধান্তসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা সন্দৰ্ভত আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মোডীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ইউক্ৰেইন সংকটৰ বিষয়েও কথা পাতিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে দুয়োখন দেশক আলোচনাৰ জৰিয়তে যুদ্ধ সংকটৰ সমাধান বিচাৰিবলৈ আহ্বান জনাইছে।
আন্তৰ্জাতিক শক্তি আৰু খাদ্য বজাৰৰ ওপৰত আলোচনা
তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী মোডীয়ে আজিৰ আলোচনাৰ সময়ত ৰাছিয়াৰ সৈতে খাদ্য সুৰক্ষাকে ধৰি কেইবাটাও গোলকীয় বিষয়ৰ ওপৰত আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, প্ৰধানমন্ত্ৰী মোডী আৰু পুটিনে কৃষিজাত সামগ্ৰী, ফাৰ্মা সামগ্ৰী আৰু সাৰ সম্পৰ্কে আলোচনা কৰে৷ দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু খাদ্য বজাৰৰ প্ৰচলিত পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰিছিল।
পুটিনে ২০২১ চনৰ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত দুয়োখন দেশৰ মাজত ২+২ মন্ত্ৰীস্তৰীয় আলোচনা অনুষ্ঠিত হয়। দুয়োখন দেশৰ মাজত শতিকা পুৰণি সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|