নতুন বাজেটে যুৱশক্তিক দিব এক সুন্দৰ ভৱিষ্যৎ,আৰ্থিকভাৱে দুৰ্বল সকলকো দিব সকাহ!

আজি সংসদৰ মজিয়াত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰা বাজেটক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া

News18-Assam
Updated:July 5, 2019, 3:14 PM IST
নতুন বাজেটে যুৱশক্তিক দিব এক সুন্দৰ ভৱিষ্যৎ,আৰ্থিকভাৱে দুৰ্বল সকলকো দিব সকাহ!
আজি সংসদৰ মজিয়াত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰা বাজেটক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিক্ৰিয়া
News18-Assam
Updated: July 5, 2019, 3:14 PM IST
আজি সংসদৰ মজিয়াত উত্থাপন কৰা হ’ল মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বিত্তীয় বাজেট। এইবাৰৰ বাজেটে দেশৰ দুখীয়া–কৃষকসকলৰ বাবে আনিছে নতুন আশাৰ বতৰা।সেইদৰে বাজেটত এইবাৰ বৃদ্ধি কৰা হ’ল দেশৰ কোটিপটি  ব্যৱসায়ীসকলে পৰিশোধ কৰিবলগীয়া টেক্সৰ হাৰ। য’ত সকাহ দিয়া হ’ল দেশৰ মধ্যবিত্ত পৰিয়ালসমূহক। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটক দেশক সমৃদ্ধিশালী কৰিবলগীয়া আৰু জনসাধাৰণৰ কল্যানকামী বাজেট আখ্যা দিছে। নতুন বাজেটে দেশৰ যুৱশক্তিক দিব এক সুন্দৰ ভৱিষ্যৎ আৰু আৰ্থিকভাৱে দুৰ্বল সকলকো দিব সকাহ দিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে উল্লেখ কৰে যে এই বাজেটে দেশৰ মধ্য বৰ্গক বিশেষ ভাৱে সকাহ দিব। সেইদৰে বাজেটে দেশৰ বিকাশৰ হাৰক অধিক তীব্ৰতৰ কৰিব বুলি উল্লেখ কৰে। এই বাজেটে দেশৰ টেক্স ব্যৱস্থা সৰলিকৃত কৰাৰ লগতে দেশৰ আন্তঃগাঁথনিকো কৰিব আধুনিকীকৰণ।
আৰু চাওক পৰৱৰ্তী বাতৰি