আৰু এবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে প্ৰস্তুত নৰেন্দ্ৰ মোদী! এগৰাকী বিৰোধী নেতাৰ প্ৰশ্নৰ উত্তৰত যেন এই ইংগিতেই দিছিল মোদীয়ে। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এগৰাকী সন্মানীয় জ্যেষ্ঠ বিৰোধী নেতাই তেওঁক সুধিছিল যে দেশৰ জনতাই দুবাৰকৈ প্ৰধানমন্ত্ৰী বনালে, আৰু কি বিচাৰে?
ভৰুচত উৎকৰ্ষ সমাৰোহত কেন্দ্ৰীয় চৰকাৰৰ চাৰিখন আঁচনিৰ হিতাধিকাৰীক উদ্দেশ্যি দিয়া ভাষণ মোদীয়ে কয়, ‘‘এবাৰ মই এগৰাকী নেতাক লগ পাইছিলো... এদিন, তেওঁ মোক লগ পাবলৈ আহিছিল, কিছু বিষয় মীমাংসা কৰিবলৈ। তেওঁ কয়, ‘মোদীজী, এতিয়া আপুনি আৰু কি কৰিব বিচাৰে? দেশে আপোনাক দুবাৰ প্ৰধানমন্ত্ৰী বনালে।’’
মোদীয়ে কয়, ‘‘তেওঁ ভাবিছিল যে দুবাৰ প্ৰধানমন্ত্ৰী হোৱাটো এক ডাঙৰ উপলব্ধি আছিল। তেওঁ জনা নাছিল যে এই মোদী অন্য ধাতুৰে গঢ়া। গুজৰাটৰ মাটিয়ে তেওঁক আকাৰ দিছে। ইমানেই যথেষ্ট নহয় যে এতিয়া মই আৰাম কৰো, যি হৈছে ভাল হৈছে। নহয়, মোৰ সপোন হৈছে নিজৰ লক্ষ্য ১০০ শতাংশ পূৰণ কৰা।
প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ২০১৪ চনত নিৰ্বাচিত হৈছিল, ‘‘প্ৰায় আধা দেশ শৌচালয়, টিকাকৰণ, বিজুলী, বেংক একাউণ্টৰ পৰা ১০০ মাইল দূৰত আছিল, একপ্ৰকাৰ তেওঁলোকক মানা কৰি দিয়া হৈছিল। এই বছৰবোৰত আমাৰ সকলো প্ৰয়াসেৰে বহু আঁচনিয়ে এশ শতাংশ কৃতকাৰ্যতা অৰ্জন কৰিছে।
"দেশে ১০০ শতাংশ লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি দিছে। যেতিয়া এনে হয়, নাগৰিকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে এই সম্পদৰ ওপৰত মোৰ অধিকাৰ আছে, আৰু ই কৰ্তব্যৰ বীজ ৰোপণ কৰে। আৰু যেতিয়া ই সংপৃক্ত হয়, বৈষম্যৰ কোনো সম্ভাৱনা নাথাকে, পৰামৰ্শৰ কোনো প্ৰয়োজন নাই। যেতিয়া এনে হয়, তোষণৰ ৰাজনীতি শেষ হয়।’’ – কয় মোদীয়ে।
"এবাৰ মোৰ বাবে নিৰাপত্তাৰ ভাবুকিৰ খবৰ আহিছিল, এবাৰ মোৰ অসুস্থতাৰ খবৰ আহিছিল... তেতিয়া মই ক'লো, 'ভাই, মোৰ ওপৰত কোটি কোটি মাতৃ আৰু ভগ্নীৰ আশীৰ্বাদ আছে আৰু যেতিয়ালৈকে মোৰ ওচৰত এই ঢাল আছে, কোনেও মোৰ বাবে একো কৰিব নোৱাৰে'’, তেওঁ কয়।
মোদীয়ে কয় যে তেওঁ পৰিয়ালৰ এজন সদস্যৰ দৰে কাম কৰি আছে আৰু তেওঁৰ চৰকাৰে ৮ বছৰৰ কাৰ্যকালৰ পিছত ‘নতুন প্ৰতিশ্ৰুতি আৰু নতুন শক্তি’ৰে আগবাঢ়ি আছে।
মোদীয়ে কয় যে তেওঁৰ চৰকাৰে ৫০ কোটি লোকক স্বাস্থ্য বীমাৰ জৰিয়তে ৫ লাখকৈ টকাৰ কভাৰ প্ৰদান কৰিছে। কোটি কোটি লোকক দুৰ্ঘটনা বীমা যোজনা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে পেঞ্চন আঁচনিৰ জৰিয়তে কভাৰ কৰা হৈছে।
মানুহৰ ওচৰত নিজৰ ঘৰ, গেছ কানেকশ্যন, বিজুলি কানেকশ্যন, পানীৰ কানেকশ্যন আৰু বেংক একাউণ্ট আছে। মোদীয়ে কয়, ‘‘গৰীৱ লোকে আধা জীৱন চৰকাৰ কাৰ্যালয়ত অহা–যোৱা কৰি পাৰ কৰে, আমাৰ চৰকাৰে সকলো সলনি কৰিলে।’’
মোদীয়ে এই বক্তৃতাৰ সময়ত কাৰো নাম উল্লেখ কৰা নাই, কিন্তু এনচিপি প্ৰধান শাৰদ পাৱাৰে িল্লীত মোদীৰ সৈতে সাক্ষাৎ কৰাৰ এমাহ পিছতে এই মন্তব্য কৰিলে মোদীয়ে।