জন্মদিনৰ প্ৰাকমুহূৰ্তত ডাঙৰ উপহাৰ লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্য মৰ্ণিং কনচাল্ট নামৰ এক সংস্থাই বিশ্ব নেতাসকলৰ অনুমোদন সম্পৰ্কে সমীক্ষা চলাইছিল। এই সমীক্ষাত সকলোকে পিছ পেলাইছে নৰেন্দ্ৰ মোদীয়ে। মোদীৰ ৰেটিং ৭০ শতাংশ। বিশ্বৰ বিয়াগোম নেতা–নেত্ৰী যেনে জাৰ্মান ৰাষ্ট্ৰপতি এঞ্জেলা মৰ্কেল বা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন বা ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন তালিকাত মোদীৰ পিছত আছে। এই ৰিপ’ৰ্ট প্ৰকাশ পাইছে ২ ছেপ্টেম্বৰত।
এই সমীক্ষাত ৰাষ্ট্ৰ নেতাসকলৰ অনুমোদনৰ লগতে খাৰিজ কৰাৰ সুযোগ দিয়া হৈছিল। তাত দেখা গৈছে মোদীক খাৰিজ কৰিছে মাত্ৰ ২৫ শতাংশই। এইক্ষেত্ৰতো তালিকাৰ আটাইতকৈ তলত আছে মোদী। দেখা গৈছে মোদীক খাৰিজ কৰা হৈছিল আটাইতকৈ বেছি চলিত বছৰৰ মে’ মাহত। কোভিডৰ দ্বিতীয় ঢৌ দেশত অহাত সামান্য ক্ষুণ্ণ হৈছিল মোদীৰ ইমেজ। আনহাতে, প্ৰধানমন্ত্ৰী মোদীৰ ৰেটিং আটাইতকৈ বেছি আছিল বিগত বছৰৰ মে’ মাহত। কোভিড পৰিস্থিতিৰ প্ৰথম অৱস্থাত ৰেটিঙৰ নিৰিখত প্ৰায় ৮৪ শতাংশলৈ উঠিছিল মোদী।
দ্য মৰ্ণিং কনচাল্টে এজন ৰাষ্ট্ৰনেতাৰ অনুমোদনৰ ক্ষেত্ৰত সাত দিনকৈ সময় বাচি লৈ অনলাইন ইণ্টাৰভিউৰ মাধ্যমেৰে নমুনা সংগ্ৰহ কৰে। ৭ দিনত প্ৰাপ্ত তথ্য বা শুদ্ধ–অশুদ্ধৰ গড় উলিয়াই ৰেটিং দিয়া হয়। ৰাজনৈতিক মহলে কৈছে জন্মদিনৰ পূৰ্বে এইধৰণৰ আন্তঃৰাষ্ট্ৰীয় অনুমোদনে মোদীৰ স্থান আৰু উচ্চ কৰিলে। বিজেপিয়ে এই তথ্য ব্যৱহাৰ কৰি দেখুৱা পাৰিব যে বিৰোধীয়ে যিয়েই কওক, সাধাৰণ জনতাৰ মনত এতিয়ালৈ অটুট আছে নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|