Man Vs Wildত বিয়েৰ গ্ৰিলছে কেনেকৈ বুজিছিল মোদীৰ হিন্দী? – ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰীয়ে কয় যে বহু লোকে জানিব বিচাৰে যে গ্ৰিলছে মোৰ হিন্দী কেনেকৈ বুজি পাইছিল। মানুহে সুধিছে যে ইয়াক কেইবাবাৰো সম্পাদনা বা শ্বুট কৰা হৈছে নেকি?

News18-Assam
Updated:August 25, 2019, 3:40 PM IST
Man Vs Wildত বিয়েৰ গ্ৰিলছে কেনেকৈ বুজিছিল মোদীৰ হিন্দী? – ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰীয়ে কয় যে বহু লোকে জানিব বিচাৰে যে গ্ৰিলছে মোৰ হিন্দী কেনেকৈ বুজি পাইছিল। মানুহে সুধিছে যে ইয়াক কেইবাবাৰো সম্পাদনা বা শ্বুট কৰা হৈছে নেকি?
News18-Assam
Updated: August 25, 2019, 3:40 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কী বাত’ত এক প্ৰশ্নৰ উত্তৰত কয় যে বহু লোকে সুধিছে যে Man Vs Wildত বিয়েৰ গ্ৰিলছে হিন্দী ভাষাত কোৱা কথাবোৰ কেনেকৈ বুজি পাইছিল। মোদীয়ে কয় যে ইয়াৰ আঁৰত ৰহস্য একো নাই। গ্ৰিলছৰ সৈতে মোৰ বাৰ্তালাপত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছিল। যেতিয়া মই তেওঁক কিবা এটা কৈছিলো, কিছু ক্ষণৰ ভিতৰতে ইয়াৰ ইংৰাজী অনুবাদ হৈ গৈছিল। মোৰ কথাৰ ইংৰাজী অনুবাদ তেওঁৰ কাণত সংলগ্ন সৰু উপকৰণৰ সহায়ত শুনিবলৈ পাইছিল। ইয়াৰ জৰিয়তে আমাৰ কথা–বতৰা সহজ হৈ পৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে বহু লোকে জানিব বিচাৰে যে গ্ৰিলছে মোৰ হিন্দী কেনেকৈ বুজি পাইছিল। মানুহে সুধিছে যে ইয়াক কেইবাবাৰো সম্পাদনা বা শ্বুট কৰা হৈছে নেকি? আচলতে প্ৰযুক্তিয়ে মোৰ আৰু গ্ৰিলছৰ মাজত এক সেঁতুৰ কাম কৰিছিল।

উল্লেখযোগ্য যে ‘মন কী বাত’ত মোদীয়ে এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকৰ বিৰুদ্ধে ২ অক্টোবৰৰ পৰা এক নতুন জন আন্দোলন আৰম্ভ কৰাৰ আহ্বান জনায়। মোদীয়ে কয় যে জাতিৰ পিতাৰ ১৫০সংখ্যক জন্মজয়ন্তী উপলক্ষে আমি প্লাষ্টিকৰ বিৰুদ্ধে এক নতুন জন আন্দোলন আৰম্ভ কৰিম।
আৰু চাওক পৰৱৰ্তী বাতৰি