உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Punjab : পঞ্জাবত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত ডাঙৰ ত্ৰুটি, ১৫ মিনিট সময় ধৰি আবদ্ধ মোদীৰ কনভয়, নিৰাপত্তাৰ বিষয়ক লৈ ছান্নী চৰকাৰৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

    Punjab : পঞ্জাবত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত ডাঙৰ ত্ৰুটি, ১৫ মিনিট সময় ধৰি আবদ্ধ মোদীৰ কনভয়, নিৰাপত্তাৰ বিষয়ক লৈ ছান্নী চৰকাৰৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

    গৃহ মন্ত্ৰণালয়ে কয় যে হুছেনীৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰ পাইছিল, সেই সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।

    গৃহ মন্ত্ৰণালয়ে কয় যে হুছেনীৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰ পাইছিল, সেই সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।

    গৃহ মন্ত্ৰণালয়ে কয় যে হুছেনীৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰ পাইছিল, সেই সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে।

    • Share this:
    পঞ্জাবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi) নিৰাপত্তাৰ ত্ৰুটিক লৈ এক ডাঙৰ ঘটনা পোহৰলৈ আহিছে। বুধবাৰে প্ৰতিবাদকাৰীয়ে ১৫ মিনিট সময় ধৰি আবদ্ধ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই ঘটনাক প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত গুৰুতৰ ভুল আখ্যা দিছে। গৃহ মন্ত্ৰণালয়ে এক বিবৃতিত কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাব যাত্ৰাৰ সময়ত নিৰাপত্তাৰক্ষীৰ দিশটোৰ এই ত্ৰুটিৰ পিছত মোদীৰ কনভয় উভতি অহাৰ সিদ্ধান্ত লয়। বিবৃতিত কোৱা হৈছে যে মন্ত্ৰণালয়ে পঞ্জাব চৰকাৰৰ পৰা এই বিষয়ক লৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

    গৃহ মন্ত্ৰণালয়ে বিবৃতি জাৰি কৰি কয় যে আজি পুৱা প্ৰধানমন্ত্ৰীয়ে বাঠিণ্ডাত উপস্থিত হৈছিল য’ৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেনীৱালাস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ যাবলগীয়া আছিল। বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০ মিনিট সময় বতৰ ভাল হোৱালৈ অপেক্ষা কৰে। যেতিয়া বতৰ ভাল হ’ল তেতিয়া স্থলপথেৰে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ বাবে ২ ঘণ্টাৰো অধিক সময় লাগে। পঞ্জাব আৰক্ষীৰ ডিজিপিৰ দ্বাৰা আৱশ্যকীয় নিৰাপত্তা ব্যৱস্থাৰ নিশ্চিতিৰ পিছত আগবাঢ়িছিল মোদীৰ কনভয়।

    গৃহ মন্ত্ৰণালয়ে কয় যে হুছেনীৱালাত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত, যেতিয়া প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুৰ ওপৰ পাইছিল, সেই সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰে। প্ৰধানমন্ত্ৰী ১৫–২০ মিনিট ধৰি উৰণীয়া সেঁতুৰ ওপৰত আবদ্ধ হৈ থাকে। এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক ডাঙৰ ত্ৰুটি।

    প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আৰু যাত্ৰাৰ বষয়ে পঞ্জাব চৰকাৰক পূৰ্বেই জনোৱা হৈছিল। প্ৰক্ৰিয়া অনুসৰি, নিৰাপত্তাৰ লগতে এক আকস্মিক যোজনা প্ৰস্তুত ৰখাৰ বাবে আৱশ্যকীয় ব্যৱস্থা কৰিব লাগিছিল। মন্ত্ৰণালয়ে কয় যে লগতে আক্মিক যোজনাৰ জৰিয়তে পঞ্জাব চৰকাৰে ৰাজপথত আন্দোলন বন্ধ কৰাৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োজিত কৰিব লাগিছিল, যিটো কৰা হোৱা নাছিল। এই ঘটনাৰ পিছত মোদীৰ কনভয় বাঠিণ্ডা বিমানবন্দৰলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়।

    গৃহ মন্ত্ৰণালয়ে এই সমগ্ৰ ঘটনাৰ বুজ লৈ ৰাজ্য চৰকাৰৰ পৰা বিস্তৃত ৰিপ’ৰ্ট বিচাৰিছে। ৰাজ্য চৰকাৰক এই বেমেজালিৰ বাবে দায়িত্বত থকা ব্যক্তিৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিছে।
    Published by:Sanjay Kumar Das
    First published: