বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থলপথেৰে যোৱাৰ সময়ত এখন ফ্লাই অভাৰৰ ওপৰত ১৫–২০ মিনিট সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থলপথেৰে যোৱাৰ সময়ত এখন ফ্লাই অভাৰৰ ওপৰত ১৫–২০ মিনিট সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ ক্ষেত্ৰত আজি ডাঙৰ বেমেজালিৰ ঘটনা সংঘটিত হয় পঞ্জাবত। পঞ্জাবৰ ফিৰোজপুৰত এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰাৰ কথা আছিল মোদীয়ে। কিন্তু প্ৰতিবাদকাৰী কৃষকে ৰাজপথতে আবদ্ধ কৰে মোদীৰ কনভয়। তাৰ পিছতে বাঠিণ্ডা বিমানবন্দৰলৈ উভতি যোৱাৰ লয় প্ৰধানমন্ত্ৰীগৰাকী। ঘটনাৰ পিছত বাঠিণ্ডা বিমানবন্দৰৰ বিষয়াৰ মন্তব্য পোহৰলৈ আহিছে।
বাঠিণ্ডা বিমানবন্দৰৰ বিষয়াই এএনআইক কয় যে বিমানবন্দৰলৈ উভতি অহা মোদীয়ে তাৰ বিষয়াসকলক কয়, ‘‘ তোমালোকৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিবা, মই বাঠিণ্ডা বিমানবন্দৰলৈ জীৱন্তে উভতি আহিছো।’’
উল্লেখযোগ্য যে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থলপথেৰে যোৱাৰ সময়ত এখন ফ্লাই অভাৰৰ ওপৰত ১৫–২০ মিনিট সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। একাংশ প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰে মোদীৰ কনভয়। গৃহ মন্ত্ৰণালয়ে এই ঘটনাক প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দিশত এক ডাঙৰ ত্ৰুটি বুলি অভিহিত কৰিছে। এই ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বাঠিণ্ডাৰ পৰা হুছেনীৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ গৈ আছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|