প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে নাগৰিকত্ব সংশোধনী আইনক লৈ যুৱ প্ৰজন্মক এটা শ্ৰেণীয়ে বিপথে পৰিচালিত কৰিছে, কিন্তু এই আইনে কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়। মোদীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোকে ভাৰত আৰু ভাৰতৰ সংবিধানৰ ওপৰত আস্থা ৰাখে তেওঁলোক ভাৰতৰ নাগৰিক হ’ব পাৰে। ৰাজনৈতিক মুনাফাৰ বাবে একাংশ লোকে নতুন নাগৰিকত্ব আইনৰ বিষয়ে জানি–বুজিও উৰাবাতৰি বিয়পাই আছে।
দুদিনীয়া ভ্ৰমণসূচীৰে কলকাতালৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে পুৱা ৰামকৃষ্ণ মিছনৰ মুখ্য কাৰ্যালয় বিলুৰ মঠত ধ্যান কৰে। শনিবাৰে কলকাতাত উপস্থিত হোৱা মোদীয়ে নিশাটো বেলুৰ মঠতে কটায়।
প্ৰধানমন্ত্ৰীয়ে হাওৰা জিলাৰ বেলুৰ মঠত জনতাক সম্বোধন কৰি কয় – ‘মই প্ৰট’কল ভংগ কৰি বেলুৰ মঠত মোক নিশা কটাবলৈ সুবিধা দিয়াৰ বাবে পশ্চিম বংগ চৰকাৰক ধন্যবাদ জনাইছো। মোৰ অতীত বেলুৰ মঠৰ সৈতে জড়িত। বেলুৰ মঠে মোক শিকাইছিল যে জনসেৱাই প্ৰভূসেৱা।’
![]()
CAAক লৈ মোদীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনে নাগৰিকত্ব দিয়ে, কাঢ়ি নলয়। ইমান স্পষ্টভাৱে কোৱাৰ পিছতো একাংশ লোকে নাগৰিকত্ব সংশোধনী আইনক লৈ উপপ্ৰচাৰ চলাই আছে। মই আনন্দিত যে আজিৰ যুৱ প্ৰজন্মই এনেধৰণৰ অপপ্ৰচাৰ আঁতৰ কৰিছে। বাকীটো বাদেই, পাকিস্তানত যিদৰে আন ধৰ্মৰ লোকৰ ওপৰত অত্যাচাৰ হয়, তাক লৈও বিশ্বজুৰি আমাৰ যুৱ প্ৰজন্মই মাত মাতি আছে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|