প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। "মোৰ এজন প্ৰিয় বন্ধু ছিনজো আবেৰ দুখজনক মৃত্যুত মই হতবাক আৰু দুখিতঃ। তেওঁ এজন মহান বৈশ্বিক ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন উল্লেখযোগ্য প্ৰশাসক আছিল। তেওঁ জাপান আৰু বিশ্বক এখন উন্নত স্থান তৈয়াৰ কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "ছিনজো আবেৰ সৈতে মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। মই তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালৰ পৰাই চিনি পাইছিলো আৰু মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আমাৰ বন্ধুত্ব অব্যাহত আছিল। অৰ্থনীতি আৰু গোলকীয় বিষয়ত তেওঁৰ দৃষ্টিভংগীয়ে সদায় মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
শেহতীয়াকৈ জাপান ভ্ৰমণৰ সময়ত, মই ছিনজো আবেক পুনৰ লগ কৰাৰ আৰু কেইবাটাও বিষয় আলোচনা কৰাৰ সুযোগ পাইছিলো। তেওঁ সদায়ৰ দৰে ধেমেলীয়া আৰু বুদ্ধিমান আছিল। মই ভবাই নাছিলো এয়া আমাৰ অন্তিম বৈঠক হ'ব। তেওঁৰ পৰিয়াল আৰু জাপানৰ লোকসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা।
এক বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বৰ স্তৰত ভাৰত-জাপান সম্পৰ্ক বৃদ্ধিত ছিনজো আবেয়ে এক বৃহৎ অৱদান আগবঢ়াইছিল। আজি সমগ্ৰ ভাৰত জাপানৰ সৈতে এই দুখৰ সময়ত জড়িত হৈ আছে আৰু এই কঠিন পৰিস্থিতিত আমি আমাৰ জাপানৰ ভাই-ভনীসকলৰ সৈতে থিয় দিছো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|