অযোধ্যাত ৬৭ একৰ ভূমি ৰাম মন্দিৰ ন্যাসক দিয়াৰ বিপৰীতে ৫ একৰ ভূমি দিয়া হ’ব ছুন্নী ৱাকফ ব’ৰ্ডক

News18 Assam | News18-Assam
Updated:February 5, 2020, 12:45 PM IST
অযোধ্যাত ৬৭ একৰ ভূমি ৰাম মন্দিৰ ন্যাসক দিয়াৰ বিপৰীতে ৫ একৰ ভূমি দিয়া হ’ব ছুন্নী ৱাকফ ব’ৰ্ডক
FILE PHOTO

ৰাম মন্দিৰ ন্যাসঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা

  • Share this:
ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বপূৰ্ণ ঘোষণা। লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কেন্দ্ৰীয় মন্ত্ৰীৰ বৈঠকত ‘শ্ৰীৰাম জন্মভুমি তীৰ্থ ক্ষেত্ৰ’ ন্যাস গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই ন্যাসে গ্ৰহণ কৰিব মন্দিৰ নিৰ্মাণৰ সকলো সিদ্ধান্ত।

এই ন্যাসে মন্দিৰ নিৰ্মাণৰ সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে, অযোধ্যাত ৬৭ একৰ ভূমি ৰাম মন্দিৰ ন্যাসক দিয়া  হ’ব। সেইদৰে বিবাদিত ২.৫ একৰ ভূমিও ৰাম মন্দিৰ ন্যাসকে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, উত্তৰ প্ৰদেশৰ অযোধ্যা গোচৰত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ পক্ষত ৰায়দান কৰিছিল। ইয়াত ছুন্নী ৱাকফ ব‘ৰ্ডকো ৫ একৰ ভুমি দিয়াৰ কথা কোৱা হৈছিল। আজি পুৱা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি