আজি প্ৰথমবাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে সম্প্ৰতি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ভূয়সী প্ৰশংসা কৰে। মোদীয়ে কয়, এখন জাননী জাৰি কৰিয়ে অংশীদাৰসকল ক্ষান্ত থাকিলে নহ’ব, তেওঁলোকে এই পৰিকল্পনাক মহাযজ্ঞ হিচাপে গ্ৰহণ কৰিব লাগিব।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় - নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰীক কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ বা উকীল হোৱাৰ মানসিকতাৰ পৰা নিলগত ৰাখিব। ই নৱ প্ৰজন্মক অনুসন্ধিৎসু, সূক্ষ্ম বিশ্লেষণ আৰু উদ্ভাৱনী চিন্তা ধাৰাৰ দিশত আগবঢ়াই লৈ যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি Transformational Reforms in Higher Education শীৰ্ষক আলোচনা চক্ৰত virtually অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে। উক্ত আলোচনাচক্ৰত উপস্থিত আছিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল আৰু নতুন শিক্ষা নীতিৰ স্ৰষ্টা কে কস্তুৰীৰংগন।
অতি কমেও পঞ্চম শ্ৰেণী পৰ্যন্ত মাতৃভাষাত শিক্ষা প্ৰদানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় – “আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বিশ্ব নাগৰিক হিচাপে গঢ় দিব লাগিব, যি নিজৰ সংস্কৃতিৰ শিপা ডালেৰেও বান্ধ খাই থাকিব। মাতৃভাষাৰ মাধ্যমৰে শিক্ষা প্ৰদান কৰিলে শিক্ষাৰ্থীৰ শিকাৰ প্ৰৱণতা বাঢ়িব তথা ভেটি সুদৃঢ় হ’ব।"
নতুন শিক্ষা নীতিয়ে গঠনমূলক আলোচনা বা সমালোচনাক উদগনি যোগাব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক নীতি নিৰ্ধাৰণৰ দিশত অধিক ক্ষমতা হস্তান্তৰ কৰাৰ পদক্ষেপকো আদৰণি জনায় নৰেন্দ্র মোদীয়ে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে ISROৰ প্ৰাক্তন মূৰব্বী কে কস্তুৰীৰংগনক ৩৪ বছৰৰ পিছত এখন ‘ফলপ্ৰসূ’ শিক্ষা নীতি প্ৰস্তুত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 07, 2020, 15:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|