• Home
  • »
  • News
  • »
  • nation
  • »
  • PM Narendra Modi: সন্ত ৰবিদাস জয়ন্তীৰ সংকীৰ্তনত ঝুমঝুমি বজালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক ভিডিঅ'

PM Narendra Modi: সন্ত ৰবিদাস জয়ন্তীৰ সংকীৰ্তনত ঝুমঝুমি বজালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক ভিডিঅ'

শিখ গুৰু সন্ত ৰবিদাস জয়ন্তী উপলক্ষে পঞ্জাবৰ নিৰ্বাচন ২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছিল।

শিখ গুৰু সন্ত ৰবিদাস জয়ন্তী উপলক্ষে পঞ্জাবৰ নিৰ্বাচন ২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছিল।

শিখ গুৰু সন্ত ৰবিদাস জয়ন্তী উপলক্ষে পঞ্জাবৰ নিৰ্বাচন ২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছিল।

  • Share this:
সন্ত ৰবিদাসৰ জয়ন্তী উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে তেওঁ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ কৰোল বাগৰ শ্ৰীগুৰু ৰবিদাস বিশ্বৰাম ধাম মন্দিৰত (Guru Ravidas Vishram Dham) অনুষ্ঠিত প্ৰাৰ্থনা আৰু কীৰ্ত্তনত অংশগ্ৰহণ কৰে।

মোদীয়ে কেৱল প্ৰাৰ্থনাত (Ravidas Jayanti) অংশগ্ৰহণ কৰাই নহয়, ঝুমঝুমি বাদ্য বজাই কীৰ্তনত ভক্তসকলৰ সৈতে যোগ দিয়া দেখা যায়। নামৰ তালে তালে ছন্দ মিলাই কিদৰে ঝুমঝুমি বজাই তাকো তেওঁ বৰ্ণনা কৰে ভক্তগণৰ আগত। প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝুমঝুমি বাদ্য বজাই কীৰ্তনত ভক্তসকলৰ সৈতে যোগ দিয়াৰ ভিডিঅ'ও প্ৰত্যক্ষ কৰা গৈছে। তাত, দেখা যায় যে প্ৰথমতে, মোদীয়ে  (Prime Minister Narendra Modi) নিজে কিছু সময়ৰ বাবে সেউজীয়া ঝুমঝুমি এটা বজাই আৰু তাৰ পিছত তেওঁ আনসকলক ছন্দত কেনেদৰে বজাব লাগে বুজাই দিয়ে।





উল্লেখ্য আজি ৰাতিপুৱা কৰোল বাগলৈ ৰাওনা হোৱাৰ পূৰ্বে মোদীয়ে টুইটাৰত উল্লেখ কৰে যে তেওঁৰ চৰকাৰে সন্ত ৰবিদাসে দেখুওৱা পথত আগবাঢ়িছে আৰু ভৱিষ্যতে ইয়াক অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ। গুৰুত্বপূৰ্ণ যে ২০ ফেব্ৰুৱাৰীত পঞ্জাবত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও ই মূলতঃ ১৪ ফেব্ৰুৱাৰীত অনুসূচীত কৰা হৈছিল। কিন্তু শিখ গুৰু সন্ত ৰবিদাস জয়ন্তী উপলক্ষে ইয়াক ২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছিল।
Published by:Gautam Barman
First published: