নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত অংশ ল’বলৈ উপস্থিত কংগনা ৰাণাৱট, এইসমূহ তাৰকাও থাকিব

কংগনা ৰাণাৱটৰ লগতে চৰ্চিত হৈছে বলিউডৰ অতিথিৰ এখন দীঘলীয়া তালিকা।

news18assam
Updated:May 30, 2019, 1:59 PM IST
নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত অংশ ল’বলৈ উপস্থিত কংগনা ৰাণাৱট, এইসমূহ তাৰকাও থাকিব
কংগনা ৰাণাৱটৰ লগতে চৰ্চিত হৈছে বলিউডৰ অতিথিৰ এখন দীঘলীয়া তালিকা।
news18assam
Updated: May 30, 2019, 1:59 PM IST
সন্ধিয়া সাত বজাৰ পৰা আৰম্ভ হ’বলগীয়া নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণত অংশ ল’বলৈ উপস্থিত হৈছে মোদীৰ দুৰ্ঘোৰ সমৰ্থক বলিউড তাৰকা কংগনা ৰাণাৱট। ৰাষ্ট্ৰপতি ভৱনৰ পৰিসৰত হ’বলগীয়া এই বৰ্ণাঢ্য শপতগ্ৰহণ অনুষ্ঠানত কমেও ৮হাজাৰ অতিথি সমবেত হোৱাৰ কথা।

দ্বিতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। আঠ হাজাৰ লোকৰ মাজত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নৰেন্দ্ৰ মোদীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। এই শপতগ্ৰহণ সমাৰোহৰ কাৰণে দিল্লীত কটকটীয়া নিৰাপত্তাৰ আয়োজন কৰা হৈছে। যিসকল ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে তাৰ ভিতৰত উল্লেখযোগ্য BIMSTEC দেশর নেতা, বিৰোধীৰ সকলো নেতা, খেলৰ পৃথিৱীৰ সমূহ তাৰকা আৰু বলিউডৰ বহুকেইগৰাকী তাৰকা। কংগনা ৰাণাৱটৰ লগতে শ্বাহৰুখ খান, কৰণ জোহৰ, সঞ্জয় লীলা ভান্সালী আৰু ৰজনীকান্তকো শপতগ্ৰহণলৈ নিমন্ত্ৰণ কৰা হৈছে। ইয়াৰ মাজত একাংশ তাৰকাই ইতিমধ্যেই দিল্লীলৈ ৰাওনা হৈছে। সাংসদ হেমা মালিনীৰ লগতে কংগনা ৰাণাৱটৰ নাম সৰ্বপ্ৰথম চৰ্চালৈ আহে।



ফলাফলৰ দিনা পকৌৰী ভাজি পৰিয়ালক খুৱাইছিল কংগনাই

অতি স্পষ্টবাদী বুলি জনাজাত কংগনা ৰাণাৱট নৰেন্দ্ৰ মোদীৰ ডাঙৰ অনুৰাগী। এই কাৰণতে কংগনাই জনাদেশৰ দিনা নিজৰ আনন্দ প্ৰকাশ কৰিবলৈ পৰিয়ালক পকৌৰী ভাজি খুৱাইছিল। কংগনাৰ এই আলোকচিত্ৰ জ্যেষ্ঠ ভগ্নী ৰংগৌলীয়ে শ্বেয়াৰ কৰাৰ পিছত যথেষ্ট চৰ্চিত হৈ পৰিছিল। কংগনাৰ ওপৰিউ পৰেশ ৰাৱাল আৰু অনুপম খেৰৰ নাম শপতগ্ৰহণ অনুষ্ঠানৰ বলিউডী অতিথি ৰূপে চৰ্চিত হৈছে।

আৰু চাওক পৰৱৰ্তী বাতৰি