মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৬০০০ অতিথি, বিধে বিধে খাদ্যৰ প্ৰস্তুতি

News18-Assam
Updated:May 29, 2019, 1:29 PM IST
মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ৬০০০ অতিথি, বিধে বিধে খাদ্যৰ প্ৰস্তুতি
চতুৰ্থবাৰলৈ কোনো সভাগৃহৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত শপতগ্ৰহণ অনুষ্ঠান। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ী আৰু চন্দ্ৰশেখৰে শপত লৈছিল ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত। প্ৰধান মন্ত্ৰী মোদীয়েও প্ৰথমবাৰ ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত লৈছিল শপত।

চতুৰ্থবাৰলৈ কোনো সভাগৃহৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত শপতগ্ৰহণ অনুষ্ঠান। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ী আৰু চন্দ্ৰশেখৰে শপত লৈছিল ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত। প্ৰধান মন্ত্ৰী মোদীয়েও প্ৰথমবাৰ ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত লৈছিল শপত।

  • Share this:
৩০ মে’ত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকিব ৬০০০ৰো অধিক অতিথি। ইয়াৰ ভিতৰত আছে দেশ–বিদেশৰ বহু ৰথী–মহাৰথী। বিৰোধী দলৰ নেতা, সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলো ৰাজ্যৰ ৰাজ্যপাল, বিজেপিৰ জ্যেষ্ঠ নেতা, সংসদৰ দুয়ো সদনৰ সদস্যৰ লগতে বহু নেতাক নিমন্ত্ৰণ জনোৱা হৈছে শপতগ্ৰহণ অনুষ্ঠানলৈ। প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিসকলকো জনোৱা হৈছে আমন্ত্ৰণ।



বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছত শপতগ্ৰহণৰ মহা আয়োজন হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ইয়াক গাম্ভীৰ্যপূৰ্ণ আৰু সাধাৰণ হিচাপে আয়োজনৰ নিৰ্দেশ দিয়া হৈছে।



বিদেশৰ পৰা আহিবলগীয়া অতিথিৰ ভিতৰত বিমষ্টেক দেশৰ মুৰব্বীৰ লগতে আন কেইবাখনো দেশৰ অতিথিক আমন্ত্ৰণ কৰা হৈছে। শপতগ্ৰহণ সমাৰোহ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি ভৱন প্ৰাংগণত।



ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, এয়া চতুৰ্থবাৰলৈ হৈছে যে কোনো প্ৰধানমন্ত্ৰীয়ে কোনো সভাগৃহৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত শপত ল’ব। ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ী আৰু চন্দ্ৰশেখৰে শপত লৈছিল ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত। প্ৰধান মন্ত্ৰী মোদীয়েও প্ৰথমবাৰ ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত লৈছিল শপত।



প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্য ভৱনত প্ৰৱেশৰ বাবে নিৰ্মাণ কৰা হৈছে বিশেষ পথ। ইয়াতেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অতিথিসকলক স্বাগতম জনোৱা হ’ব।



২০১৪ চনত যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে শপত লৈছিল, তেতিয়া তেওঁৰ লগতে ২৪ কেবিনেট মন্ত্ৰী আৰু ২১ গৰাকী ৰাজ্যিক মন্ত্ৰীয়ে শপত লৈছিল। এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল চাৰে তিনি হাজাৰ অতিথিক। ইয়াত ছাৰ্ক দেশসমূহৰ মুৰব্বী (পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান, নেপাল, ভূটান আৰু মালদীপ) উপস্থিত আছিল। কলা, সংস্কৃতি, উদ্যোগ, সংবাদ আৰু খেল জগতৰ লগতে ছবি জগতৰ ৰথী–মহাৰথীও উপস্থিত আছিল অনুষ্ঠানত।



এইবাৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰা হৈছে ৬ ফুট উচ্চতাৰ মঞ্চ। সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান। অনুষ্ঠানৰ শেষত প্ৰায় ৬০০ অতিথিক ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত ‘হাই টী’ৰ বাবে আমন্ত্ৰিত কৰা হ’ব।



বাকী অতিথিৰ খোৱা–লোৱাৰ ব্যৱস্থা ৰাষ্ট্ৰপতি ভৱনৰ প্ৰাংগণত কৰা হ’ব। হাই টীত থাকিব ৰাজভোগ, শিঙৰাৰ লগতে অন্যান্য খাদ্য সম্ভাৰ। তাৰ পিছতে নৈশভোজত থাকিব আমিষ–নিৰামিষ খাদ্য।



২০১৪ত শপতগ্ৰহণ অনুষ্ঠান সন্ধিয়া ৬ বজাত অনুষ্ঠিত হৈছিল। এইবাৰ এঘণ্টা পিছুৱাই দিয়া হৈছে অৰ্থাৎ ৭ বজাত আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান।
First published: May 29, 2019, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading