দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ আজি আহমেদাবাদৰ ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজী এণ্ড ৰিচাৰ্ছ চেণ্টাৰত দেহাৱসান ঘটে। এক টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা জনায়। প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত লিখে, ‘‘গৌৰৱময় শতিকাৰ ভগৱানৰ চৰণত বিৰাম... মাৰ ভিতৰত মই সদায়ে ত্ৰিমূৰ্তি অনুভৱ কৰি আহিছো, য’ত এজন তপস্বীৰ যাত্ৰা, নিস্বাৰ্থ কৰ্মযোগীৰ প্ৰতীক আৰু মূল্যবোধৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ জীৱন অন্তৰ্ভুক্ত আছে।’’ প্ৰধানমন্ত্ৰীয়ে এই বৰ্ষৰ আৰম্ভণিতে মাতৃৰ ১০০তম জন্মদিনত এক আৱেগিক টুইট পোষ্ট কৰিছিল য’ত মাতৃক সৰল, অসাধাৰণ আৰু স্থিতিস্থাপকতাৰ প্ৰতীক বুলি বৰ্ণনা কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কৈছিল যে তেওঁৰ মাতৃ হীৰাবেনৰ সদায় পুৱা ৪ বজাত উঠাৰ অভ্যাস আছিল। ৰাতিপুৱা তেওঁ বহুত কাম কৰিছিল। ঘেঁহু গুড়ি কৰা, বাজৰা গুড়ি কৰা, চাউল বা মচুৰ দাইল উঠোৱা ইত্যাদি কাম নিজেই কৰিছিল। ইয়াৰ লগতে তেওঁ নিজৰ পচন্দৰ ভজনবোৰো গুণগুণাই থাকিছিল। প্ৰধানমন্ত্ৰীয়ে তেতিয়া কৈছিল যে তেওঁৰ কোনো সন্দেহ নাই যে তেখেতৰ জীৱনত যি ভাল আছে আৰু তেওঁৰ চৰিত্ৰত যি ভাল আছে, সেইবোৰৰ কৃতিত্ব তেখেতৰ পিতৃ-মাতৃৰ। প্ৰধানমন্ত্ৰীয়ে মাতৃৰ জন্মদিন উপলক্ষে মাতৃয়ে কেনেদৰে নাৰীত্ব আৰু সৱলীকৰণৰ প্ৰকৃত প্ৰতীক হৈ আহিছে সেই বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শৈশৱৰ কাহিনীৰ জৰিয়তে মাতৃৰ প্ৰতিটো গুণৰ বিষয়ে কৈছে, যি তেওঁৰ জীৱনৰ প্ৰতিটো কামৰ সৈতে সম্পৰ্কিত।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল যে তেওঁৰ মাতৃ ‘আদৰ্শ জীৱন’ জীয়াই থকাৰ বাবে পথ প্ৰদৰ্শকৰ দৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃয়ে তেওঁক কেনেকৈ আনুষ্ঠানিক শিক্ষা অবিহনেও ভাল কথা শিকা সম্ভৱ সেই কথা শিকাইছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 30, 2022, 08:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।