প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গামোচা প্ৰীতিৰ বিষয়ে সামাজিক মাধ্যমত বহুবাৰ চৰ্চা হৈছে। লোকসভা নিৰ্বাচন অথবা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদীয়ে যোগ দিৱস অথবা বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ অথবা কোভিদৰ ভেকচিন লোৱাৰ সময়ত ডিঙিত গামোচা লোৱা দেখা গৈছিল। শাসকীয় বিজেপি দলে এয়া মোদীৰ অসম প্ৰীতি বুলি কোৱাৰ বিপৰীতে বিৰোধীয়ে ইয়াক অসমীয়াক আৱেগিক কৰি বিধানসভা নিৰ্বাচনত ভোট আদায়ৰ কৌশল বুলিও অভিহিত কৰিছিল।
কিন্তু বিধানসভা নিৰ্বাচনৰ পিছতো মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লোৱা দৃশ্যই অসমীয়া ৰাইজক আনন্দিত কৰিছিল। শেহতীয়াভাৱে মোদীৰ গামোচা প্ৰীতিৰ বিষয়ে পুনৰ সামাজিক মাধ্যমত চৰ্চা চলিছে। বুধবাৰে নিশা বিশেষ বিমানেৰে আমেৰিকাত অনুস্থিত হ'ব লগা ৰাষ্ট্ৰসংঘৰ ৭৬তম অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱা নৰেন্দ্ৰ মোদীয়ে টুইটাৰত প্ৰচাৰ কৰা এখন ছবিয়ে ব্যাপক চৰ্চা লাভ কৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে টুইটাৰত দিয়া ছবিখনত লিখিছে যে এটা দীঘলীয়া বিমান যাত্ৰাই তেওঁক চৰকাৰী ফাইলৰ কাম কৰাৰ সুযোগো দিছে। বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত দিয়া ফটোখনতো তেওঁক গামোচা লৈ থকা দেখা গৈছে। আমেৰিকালৈ বিমান যাত্ৰা কৰাৰ সময়তো অসমীয়া স্বাভিমান স্বৰূপ গামোচা ডিঙিত লৈ থকাৰ ছবিয়ে আনন্দিত কৰিছে অসমীয়া জাতিক। প্ৰধানমন্ত্ৰী মোদীয়ে গামোচাৰ প্ৰতি কৰা আদৰে পুনৰ মন জয় কৰিছে বহু অসমীয়াৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|