চাকৰিৰ পৰা কৃষকৰ আয়লৈ, ১০০ দিনৰ কাৰ্যসূচী প্ৰস্তুত কৰাত ব্যস্ত মোদী

News18-Assam
Updated:June 19, 2019, 9:09 AM IST
চাকৰিৰ পৰা কৃষকৰ আয়লৈ, ১০০ দিনৰ কাৰ্যসূচী প্ৰস্তুত কৰাত ব্যস্ত মোদী
২০১৯–২০ বিত্তীয় বৰ্ষৰ বাজেট ৫ জুলাইত দাখিল কৰা হ’ব। তাৰ পূৰ্বে মোদীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে আলাপ–আলোচনা অব্যাহত ৰাখিছে।

২০১৯–২০ বিত্তীয় বৰ্ষৰ বাজেট ৫ জুলাইত দাখিল কৰা হ’ব। তাৰ পূৰ্বে মোদীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে আলাপ–আলোচনা অব্যাহত ৰাখিছে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাজেটৰ পূৰ্বে মঙলবাৰে বিত্ত আৰু অন্যান্য মন্ত্ৰণালয়ৰ বিষয়াৰে বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে অৰ্থব্যৱস্থাক গতি প্ৰদান আৰু নিয়োগ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ১০০ দিনৰ কাৰ্যসূচীত গুৰুত্ব প্ৰদান কৰে।

সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত বিত্ত মন্ত্ৰণালয়ৰ ৫ সচিবৰ উপৰি অন্য মন্ত্ৰণালয়ৰ বিষয়া আৰু নীতি আয়োগৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল। এই উচ্চস্তৰীয় বৈঠকত কম সময়ৰ ভিতৰত ভাৰতক ৫০০০ আৰব ডলাৰৰ অৰ্থব্যৱস্থাৰ দেশ হিচাপে গঢ়াৰ লক্ষ্যৰে ৫ বছৰীয়া পৰিকল্পনাৰ ওপৰতো আলোচনা হয়।

বৈঠকত কৃষকৰ আয় দুগুণ কৰা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী আবাস যোজনাকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিৰ ভৱিষ্যতৰ ৰূপৰেখাক লৈও আলোচনা হয়। ৰাজহ বৃদ্ধি তথা সংশোধনৰ জৰিয়তে জিডিপি বৃদ্ধিৰ গতি ক্ষীপ্ৰ কৰাৰ উপায়ৰ ওপৰতো চৰ্চা হয় এই বৈঠকত।

উল্লেখযোগ্য যে ২০১৯–২০ বিত্তীয় বৰ্ষৰ বাজেট ৫ জুলাইত দাখিল কৰা হ’ব। তাৰ পূৰ্বে মোদীয়ে শীৰ্ষ বিষয়াসকলৰ সৈতে আলাপ–আলোচনা অব্যাহত ৰাখিছে। ধাৰণা কৰা হৈছে যে মোদীৰ নেতৃত্বত নতুন চৰকাৰে নিৰ্মাণ ক্ষেত্ৰক উৎসাহিত কৰাৰ প্ৰয়াস কৰিব। আগন্তুক বাজেটত কৃষিক্ষেত্ৰৰ সমস্যা দূৰীকৰণ আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰতো পদক্ষেপ ল’ব বুলি আশা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি