মুখ্যপৃষ্ঠা »খবৰ »দেশ »শিখ বুদ্ধিজীৱীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দীঘলীয়া বৈঠক, কৃষকৰ সমস্য, পঞ্জাৱৰ উন্নয়নৰ সন্দৰ্ভত কৰিলে আলোচনা

শিখ বুদ্ধিজীৱীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দীঘলীয়া বৈঠক, কৃষকৰ সমস্য, পঞ্জাৱৰ উন্নয়নৰ সন্দৰ্ভত কৰিলে আলোচনা

শিখ সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ এটা দলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

শিখ সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ এটা দলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

  • Share this:
শিখ সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীসকলৰ এটা দলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎ কালত দেশৰ ঐক্যৰ লগতে প্ৰতিটো সম্প্ৰদায়ৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে পালন কৰি অহা  প্ৰতিশ্ৰুতিক প্ৰশংসা কৰে বুদ্ধিজীৱীসকলে। এই সময়ছোৱাত মোদীয়ে শিখসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু সমাজৰ বাবে তেওঁৰ চৰকাৰে কৰা কামৰ বিষয়ে আলোচনা কৰে। বিজেপিৰ নেতা মনজিন্দৰ সিং সিৰছাই সংবাদ মাধ্যমক জনোৱা অনুসৰি, প্ৰধানমন্ত্ৰীয়ে সম্প্ৰদায়টোৰ গণ্য-মান্য ব্যক্তিসকলে সৈতে ৯০মিনিটৰো অধিক সময় আলোচনাত মিলিত হয়।

সিৰছাৰ মতে, মোদীয়ে গোটৰ সদস্যসকলক সম্প্ৰদায়টোৰ সমস্যা সম্পৰ্কত যিকোনো বিষয়ত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ নিজকে ভাগ্যৱান বুলি বিবেচনা কৰে যে, তেওঁৰ চৰকাৰে যোৱা কেইবছৰমানত শিখসকলৰ সৈতে সম্পৰ্কিত কেইবাটাও কাৰ্যসূচী হাতত লৈছে আৰু সেই কাৰ্যৰ আৰম্ভণিও কৰিছে। মোদীক সাক্ষাৎ কৰা স্থাপত্যবিদ চৰণজিৎ সিং শ্বাহে কয়, "এই বৈঠক প্ৰধানমন্ত্ৰীয়ে শিখ সম্প্ৰদায়ক আলিঙ্গন কৰাৰ দৰে। বাৰ্তাটো আছিল যে সম্প্ৰদায়টো গুৰুত্বপূৰ্ণ কিন্তু দেশৰ একতা অধিক গুৰুত্বপূৰ্ণ।"

ইফালে বৃহস্পতিবাৰে বৈঠকতে প্ৰধানমন্ত্ৰী মোদীয়ে পঞ্জাৱৰ উন্নয়নৰ লগতে কৃষকসকলৰ সমস্য়া, ড্ৰাগছ মুক্ত সমাজ গঠন, ৰাষ্ট্ৰীয় শিক্ষা নীতি, দক্ষতা বিকাশ, প্ৰযুক্তিগত উন্নয়নৰ সন্দৰ্ভতো শিখ বুদ্ধিজীৱীসকলৰ সৈতে বিশদ ভাবে আলোচনা কৰে।

শেহতীয়া বাতৰি