• Home
  • »
  • News
  • »
  • nation
  • »
  • Modi in US: প্ৰধানমন্ত্ৰী মোদীৰ কোৱালকমৰ CEO ক্ৰিষ্টিয়ানো আমনৰ সৈতে বৈঠক, ৫জি আৰু অন্যান্য ক্ষেত্ৰক লৈ আলোচনা

Modi in US: প্ৰধানমন্ত্ৰী মোদীৰ কোৱালকমৰ CEO ক্ৰিষ্টিয়ানো আমনৰ সৈতে বৈঠক, ৫জি আৰু অন্যান্য ক্ষেত্ৰক লৈ আলোচনা

প্ৰধানমন্ত্ৰীয়ে টেলিকম আৰু ইলেকট্ৰনিক্স খণ্ডত বিনিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে টেলিকম আৰু ইলেকট্ৰনিক্স খণ্ডত বিনিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে টেলিকম আৰু ইলেকট্ৰনিক্স খণ্ডত বিনিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰে।

  • Share this:

আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটনত ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰে। এই অনুষ্ঠানত তেওঁ কোৱালকম (Qualcomm)ৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আমন (Cristiano Amon)ৰ সৈতে বৈঠকত বহে। আজি অনুষ্ঠিত বৈঠক সন্দৰ্ভত সাংবাদিকসকলক অৱগত কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে কয় যে ক্ৰিষ্টিয়ানো আমনে ভাৰতৰ সৈতে ৫জি আৰু অন্যান্য ক্ষেত্ৰত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰতত কোৱালকমৰ বাবে বিভিন্ন সুযোগৰ কথা কয়।


বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে টেলিকম আৰু ইলেকট্ৰনিক্স খণ্ডত বিনিয়োগৰ সুযোগৰ বিষয়ে অৱগত কৰে। ইলেকট্ৰনিক ছিষ্টেম ডিজাইন এণ্ড মেনুফেকচাৰিঙৰ বাবে লিংক ইন্সেণ্টিভ পলিচী আৰু ছেমি কণ্ডাক্টৰৰ বাবে ছাপ্লাই চেইন বিকশিত কৰাৰ ওপৰত আলোচনা কৰে। ইয়াৰ লগতে ভাৰতত উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ বিষয়েও আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে নতুন উদাৰীকৰণ ড্ৰোন নীতিৰ বিষয়েও কয় আৰু কয় যে নতুন উদীয়মান বজাৰত কোৱালকমে অংশগ্ৰহণ কৰিব পাৰে।


বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আমনে কয় যে আলোচনাত ছেমিকণ্ডাক্টৰৰ ওপৰত কথা পতা হৈছে। আনহাতে ভাৰতত এটা সুন্দৰ ভ্ৰাম্যমাণ পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ কথাও আলোচনা হৈছিল। তেওঁ কয় যে তেওঁ ভাৰতক অৰ্থনৈতিক বিকাশৰ পথত এক মুখ্য বিনিয়োগ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ধাৰণাক আদৰণি জনাইছে।


কোৱালকমৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ৰিষ্টিয়ানো আমন। কোৱালকম হৈছে ৫জি প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ কোম্পানী। ওয়াৰলেচ চিপ আৰু ছিষ্টেম চাৰ্কিট নিৰ্মাণ কৰা এইটো পৃথিৱীৰ অন্যতম বৃহৎ কোম্পানী।

Published by:Gautam Barman
First published: