মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘আমি যদি আমন্ত্ৰণ দিওঁ, তৃতীয় লহৰ আহিবই’ - উত্তৰ–পূবৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী 

‘আমি যদি আমন্ত্ৰণ দিওঁ, তৃতীয় লহৰ আহিবই’ - উত্তৰ–পূবৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী 

বৈঠকত মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে।

বৈঠকত মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে।

  • Share this:
উত্তৰ–পূবৰ ৰাজ্যসমূহৰ বৰ্ধিত আক্রান্তৰ সংখ্যাত চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি অসমকে ধৰি উত্তৰ–পূবৰ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে পৰিস্থিতি মোকাবিলা কৰাৰ উদ্দেশ্যৰে Video Conferencingৰ যোগেদি এক বৈঠকক মিলিত হয়। বৈঠকত মোদীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰে।

মোদীয়ে কি ক’লে এই বৈঠকত - 

• আমি সজাগ হৈ থাকিব লাগিব; অন্যথা আমি ইয়াৰ ফল ভুগিব লাগিব।
• প্রতিটো পদক্ষেপেই অতি গুৰুত্ব সহকাৰে ল’ব লাগিব।

• বিনামূলীয়া ভেকচিন সকলোকে প্ৰদানৰ দিহা কৰা হৈছে। ৰাইজে এই সুবিধা গ্ৰহণ কৰাৰ দিশত অগ্ৰাধিকাৰ দিয়ক।
• পৰীক্ষা প্ৰণালী আৰু চিকিৎসা সেৱাৰ আন্তঃগাঁথনি ভাল কৰক।
• কেবিনেটে দেশৰ স্বাস্থ্য খণ্ডৰ উত্তৰণৰ কাৰণে ২৩০০০কোটি টকা মঞ্জুৰ কৰিছে।
• উত্তৰ–পূবৰ ৰাজ্যই এই সুবিধা গ্ৰহণ কৰক।
• এই ধন Genome Sequencing, testing, ICU Bed আদি উপলব্ধ কৰাতো ব্যৱহাৰ হ’ব।
• উত্তৰ–পূবৰ ৰাজ্যসমূহে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কষ্ট কৰিব লাগিব।
• উদ্ভাৱনী পদ্ধতিৰ সঞ্চাৰ কৰিব লাগিব।
• উত্তৰ–পূবৰ ৰাজ্যত কেচ বাঢ়িছে যি শংকাৰ কাৰণ। আমি চাব লাগিব কিয় এনে হৈছে।
• গোটেই মোকাবিলাৰ প্ৰক্ৰিয়াটো Micro levelলৈ লৈ গৈ আমি প্ৰতিকাৰ বিচাৰিব লাগিব।
• Micro Containment Zone এটা উচিত উপায়। এই দিশত অধিক জোৰ দিয়াৰ প্ৰয়োজন।
• আমি variantৰ ওপৰতো চকু ৰাখিব লাগিব।
• দ্বিতীয় লহৰৰ অভিজ্ঞতাৰ পৰা আমি শিক্ষা ল’ব লাগে।

• বিজ্ঞানী সকলে অধ্যয়ন কৰি আছে ভাইৰাছৰ বিৱৰ্তনৰ পিছত উদ্ভৱ হোৱা নতুন প্ৰকাৰ কিমান ভয়াবহ।

সামাজিক দূৰত্ব, মাস্ক পৰিধান আৰু ভেকচিন প্ৰদানেৰে Mutationক বাধা দিব পাৰি।
• পৰ্যটন উদ্যোগ আৰু আন ব্যৱসায় এনে পৰিস্থিতিৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।
• কিন্তু পাহাৰীয়া পৰ্যটনস্থলী সমূহত মানুহৰ ভিৰ গ্ৰহণযোগ্য নহয়।
• এইয়া ফূৰ্তি কৰাৰ সময় নহয়। এনে কৰি আমি তৃতীয় লহৰক আমন্ত্ৰণ জনাইছো।
• আমি মানুহক প্ৰশিক্ষণ দিব লাগিব।
• আমি আজি প্ৰতিদিনে ২০লক্ষ পৰীক্ষা কৰাৰ পৰ্যায় পাইছো।
• উত্তৰ–পূবতো অধিক পৰীক্ষাৰ প্ৰয়োজন। মই নিশ্চিত আমি জয়ী হ’ম।

অসম তথা উত্তৰ–পূবৰ Covid পৰিস্থিতি 

অসম 

সাপ্তাহিক আক্রান্তৰ হাৰ (Weekly Positivity Rate) ৪.৪১শতাংশ। চাৰিখন জিলাত আক্রান্তৰ হাৰ ১০শতাংশতকৈ অধিক। সেই জিলা সমূহ হৈছে – চৰাইদেউ (১৪.০১%), যোৰহাট (১২.২৭%), লক্ষীমপুৰ (১০.১৫%) আৰু গোলাঘাট (১০.০৮%)। অসমত সৰ্বমুঠ পৰীক্ষাৰ মাথোঁ ১২ শতাংশহে RTPCR। এই তথ্য ৫ জুলাইৰ পৰা ১১ জুলাইলৈ ৭টা দিনৰ। অসমত ২৯ শতাংশ ১৮বছৰৰ ঊৰ্ধ্বৰ লোকে ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিলে। 

মণিপুৰ

সাপ্তাহিক আক্ৰান্তৰ হাৰ ১৪.৬৯ শতাংশ। ৮খন জিলাত ১০ শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ১৯ শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৪০শতাংশই।

মেঘালয়

সাপ্তাহিক আক্রান্তৰ হাৰ ১৪.৭৭ শতাংশ। ৭খন জিলাত ১০শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ১৭শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৩৪ শতাংশই।

অৰুণাচল প্ৰদেশ

সাপ্তাহিক আক্রান্তৰ হাৰ ৬.৭৪ শতাংশ। ৫খন জিলাত ১০শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ৩ শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৬১ শতাংশই।

ছিক্কিম

সাপ্তাহিক আক্রান্তৰ হাৰ ২৪.৯৮ শতাংশ। ৪খন জিলাত ১০শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ৭৪ শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৯৫ শতাংশই।

ত্ৰিপুৰা

সাপ্তাহিক আক্রান্তৰ হাৰ ৯.৩৯ শতাংশ। ৩খন জিলাত ১০ শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ২৮ শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৭৪ শতাংশই।

মিজোৰাম

সাপ্তাহিক আক্রান্তৰ হাৰ ৮.১৫ শতাংশ। ৩খন জিলাত ১০ শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ১৭শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৭৪ শতাংশই।

নাগালেণ্ড

সাপ্তাহিক আক্রান্তৰ হাৰ ৭.১৪ শতাংশ। ৩খন জিলাত ১০শতাংশতকৈ অধিক Weekly Positivity Rate। সৰ্বমুঠ পৰীক্ষাৰ ৩৭শতাংশ RTPCR। ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে ৩০শতাংশই।

শেহতীয়া বাতৰি