দেশত বৰ্ধিত কোৰোণাৰ সংক্ৰমণৰ (Coronavirus)
প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কোৰোণাৰ পৰিস্থিতিৰ ওপৰত বৈঠকত বহিব। আজি বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত কোৰোণাৰ সমক্ৰমণ প্ৰতিৰোধৰ ৰণনীতিৰ ওপৰত আলোচনা হ’ব পাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দেশত কোভিড–১৯ মহামাৰীৰ স্থিতি, স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ প্ৰস্তুতি, টিকাকৰণ অভিযানৰ স্থিতি, অমিক্ৰনৰ (Omicron)
সংক্ৰমণ আৰু জন স্বাস্থ্যৰ প্ৰতি প্ৰভাৱৰ সমীক্ষা কৰাৰ বাবে এক উচ্চস্তৰীয় বৈঠকৰ নেতৃত্ব দিয়ে।
উল্লেখযোগ্য যে ভাৰতৰ দৈনিক বৃদ্ধি পাইছে কোৰোণা ভাইৰাছৰ সংক্ৰমণ। আনহাতে, অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৫০০০ৰ ওচৰ চাপিছে। কোৰোণাৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যই বাধা–নিষেধ আৰোপ কৰিছে। ইয়াৰ মাজতে কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Omicron Variant)ৰ সংক্ৰমণৰ বৰ্ধিত ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বৈহিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|