COVID-19 : হট স্পট জ’নতহে ল’কডাউন বৃদ্ধি! মুখ্যমন্ত্ৰীসকলৰে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক’লে ৩ মে’ৰ ভিতৰত সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:April 27, 2020, 3:35 PM IST
COVID-19 : হট স্পট জ’নতহে ল’কডাউন বৃদ্ধি! মুখ্যমন্ত্ৰীসকলৰে বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক’লে ৩ মে’ৰ ভিতৰত সিদ্ধান্ত
কোৰোণা সংকটৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই কনফাৰেন্সত অংশ লয়। 

কোৰোণা সংকটৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই কনফাৰেন্সত অংশ লয়। 

  • Share this:
দেশত কোৰোণাৰ প্ৰকোপ অব্যাহত। ল’কডাউনৰ অৱধি ৩ মে’ত সম্পূৰ্ণ হ’ব। পৰৱৰ্তী যুঁজৰ ধৰণ কেনে হ’ব এই প্ৰসংগত ৰাজ্যসমূহৰ মতামত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সূত্ৰমতে, মুখ্যমন্ত্ৰীসকলৰ সৈতে এই বৈঠকত থিৰাং কৰা হয় যে কেৱল হটস্পট থকা এলেকাতহে ল’কডাউন অব্যাহত থাকিব। যিসমূহ ৰাজ্যত পৰিস্থিতি নিয়ন্ত্ৰণাধীন সেই ৰাজ্যসমূহক কিছু ৰেহাই দিয়া হ’ব। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ৩ মে’লৈকেহে লোৱা হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ল’কডাউনৰ পৰা যথেষ্ট লাভ পোৱা গৈছে। ৰাজ্যসমূহৰ প্ৰয়াসৰ প্ৰভাৱ দেখা পোৱা গৈছে। প্ৰধানমন্ত্ৰীয়ে এই বৈঠকত ৰাজ্যসমূহক বৃহৎ পৰিসৰত শুধৰণিৰ ক্ষেত্ৰত কাম কৰিবলৈও কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া শুধৰণিৰ ক্ষেত্ৰত কাম কৰাৰ সঠিক সময়। ৰাজ্যসমূহে সামাজিক আৰু আৰ্থিক কল্যাণৰ কাৰণে শুধৰণিৰ পৰিকল্পনা কৰক আৰু ইয়াৰ প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত ৯খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশ লয়। জানিব পৰা মতে মেঘালয় আৰু হিমাচল প্ৰদেশৰ বাহিৰে অন্যান্য ৰাজ্যসমূহে ৩মে’ৰ পিছত ধাৰাবাহিকভাৱে ল’কডাউন উঠাই লোৱাৰ পক্ষত মত প্ৰকাশ কৰে।

বৈঠকত কোন মুখ্যমন্ত্ৰীয়ে কি ক’লে?

1. ভিডিও কনফাৰেন্সত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই কেন্দ্ৰৰ যি সিদ্ধান্ত সেয়া মানি লোৱাৰ কথা উল্লেখ কৰে।

2.পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীয়ে ৰাজ্যসমূহৰ কোৰোণা যোদ্ধাৰ কাৰণে ব্যক্তিগত সুৰক্ষা উপকৰণ (PPE) আৰু অন্য চিকিৎসাৰ সৰঞ্জাম প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ দাবী কৰে। তেওঁ তিনি মে’ত ল’কডাউন শেষ হোৱাৰ পিছত উদ্যোগসমূহ পুনৰ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কোভিড ১৯ৰ সৈতে যুঁজিবলৈ তেওঁ কেন্দ্ৰৰ পৰা বিত্তীয় সাহাৰ্যও বিচাৰে।

3. মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাই তিনি মে’ৰ পিছতো ল’কডাউন জাৰি ৰখাৰ পোষকতা কৰে। আন্তঃৰাজ্যিক আৰু আন্তঃজিলা গতি বিধি নিষেধ ৰখাৰো তেওঁ দাবী কৰে।

4. হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ল’কডাউ অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। তেওঁ কোৰোণাৰ সংক্ৰমণৰ সৈতে যুঁজাৰ ক্ষেত্ৰত এই প্ৰসংগ উল্লেখ কৰে।

5. তামিলনাডুৰ মুখ্যমন্ত্ৰী পলানীস্বামীয়ে কোৰোণা ভাইৰাছৰ কাৰণে ল’কডাউনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভিডিও কনফাৰেন্সত অংশ লয় আৰু নিজৰ ৰাজ্যৰ খতিয়ান তুলি ধৰে।

6. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো এই বৈঠকত উপস্থিত থাকে। তেওঁ দিল্লীত কোৰোণাৰ সংক্ৰমণ ঠিক হোৱাৰ হাৰ আৰু ল’কডাউন পালন কৰাৰ প্ৰসংগত প্ৰতিবেদন দাখিল কৰে। তেওঁ ল’কডাউনক লৈ কেন্দ্ৰৰ পৰৱৰ্তী সিদ্ধান্ত স্বীকাৰ কৰি লোৱাৰ কথা কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০মাৰ্চৰ প্ৰথম বৈঠকত কোৰোণা ভাইৰাছৰ নিয়ন্ত্ৰণ, চিকিৎসা তথা প্ৰাথমিক ভেঁটিৰ উন্নয়ন আৰু স্বাস্থ্য সেৱাৰ প্ৰশিক্ষণৰ কাৰণে ৰাজ্যসমূহে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২ এপ্ৰিলত কমেও ৮খন ৰাজ্যই ল’কডাউনক লৈ এগজিট প্লেনৰ ৰণনীতি আলোচনা কৰিছিল। সেইদৰে ১১ এপ্ৰিলত তৃতীয়খন বৈঠকত কমেও ১৩জন মুখ্যমন্ত্ৰীয়ে ল’কডাউন বৃদ্ধিৰ প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীক।
Published by: Tulika Devi
First published: April 27, 2020, 3:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি