প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ আৰম্ভণি ২০১৬ চনত হৈছিল আৰু সেই সময়ত ৫ কোটি বিপিএল পৰিয়ালৰ মহিলা সদস্যক এলপিজি কানেকশ্যন দিয়াৰ লক্ষ্য ৰখা হৈছিল। ২০১৮ বৰ্ষত এই আঁচনিত দলিত, আদিবাসী, চাহ বাগান, অতি পিছপৰা শ্ৰেণীসহ বিভিন্ন শ্ৰেণীৰ মহিলাসকলক অন্তৰ্ভুক্ত কৰা হয়। যাৰ বাবে ৮ কোটি মহিলাক এলপিজি সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এই লক্ষ্য ২০১৯ চনত সম্পূৰ্ণ কৰা হৈছিল।
এই বৰ্ষত বাজেটত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত অতিৰিক্ত ১ কোটি এলপিজি কানেকশ্যন দিয়াৰ ঘোষণা কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই সুবিধাৰ পৰা বঞ্চিত হোৱা লোকক দ্বিতীয় পৰ্যায়ত বিনামূলীয়া এলপিজি কানেকশ্যন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়।