CAAক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ছচিয়েল কেম্পেইন, ক’লে – CAAৰ জৰিয়তে নাগৰিকত্ব কাঢ়ি লোৱা নহয়, দিয়া হয়

News18 Assam | News18-Assam
Updated:December 30, 2019, 12:24 PM IST
CAAক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ছচিয়েল কেম্পেইন, ক’লে – CAAৰ জৰিয়তে নাগৰিকত্ব কাঢ়ি লোৱা নহয়, দিয়া হয়
মোদীয়ে #IndiaSupportsCAA হেশ্বটেগ লগাই টুইটযোগে মন্তব্য কৰে যে ‘CAA প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়।

মোদীয়ে #IndiaSupportsCAA হেশ্বটেগ লগাই টুইটযোগে মন্তব্য কৰে যে ‘CAA প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়।

  • News18 Assam
  • Last Updated: December 30, 2019, 12:24 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছে ছচিয়েল কেম্পেইন। NaMo এপৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন জনাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আকৌ উল্লেখ কৰে যে CAA শৰণাৰ্থীক নাগৰিকত্ব দিয়া আইন, নাগৰিকত্ব ঘূৰাই লোৱাৰ নহয়।

মোদীয়ে #IndiaSupportsCAA হেশ্বটেগ লগাই টুইটযোগে মন্তব্য কৰে যে ‘CAA প্ৰতাৰিত শৰণাৰ্থীসকলক নাগৰিকত্ব দিব, কোনো লোকৰ নাগৰিকত্ব কাঢ়ি নলয়। নমো এপৰ ভলিণ্টিয়াৰ মডিউলৰ ভাইচ ছেকশ্যনত আপুনি কনটেণ্ট, গ্ৰাফিক্স আৰু ভিডিঅ’ চোৱাৰ বাবে এই হেশ্বটেগ চাওক। এই হেশ্বটেগৰ জৰিয়তে CAAৰ পক্ষত আপোনাৰ সমৰ্থন আগবঢ়াওক।’



প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ টুইটাৰ একাউণ্টত আধ্যাত্মিক গুৰু সদগুৰুৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত সদগুৰুৱে CAAৰ সমৰ্থন কৰিছে। প্ৰধানমন্ত্ৰীৰ মতে সদগুৰুৱে সুন্দৰভাৱে CAAৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বুজাইছে।



উল্লেখযোগ্য যে CAAক লৈ দেশজুৰি কেইবাটাও বিৰোধী দলে বিৰোধিতা কৰি আহিছে। বিভিন্ন স্থানত নাগৰিকত্ব সংশোধনী আইনক লৈ সংঘটিত হৈছে হিংসাত্মক ঘটনাও। অসম তথা উত্তৰ–পূৰ্বাঞ্চলত বৰ্তমানো এই আইনখনৰ বিৰুদ্ধে অব্যাহত আছে আন্দোলন–প্ৰতিবাদ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 30, 2019, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading