• Home
  • »
  • News
  • »
  • nation
  • »
  • National Logistics Policy কি? প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা ৰাষ্ট্ৰীয় লজিষ্টিকচ্ নীতি দেশৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

National Logistics Policy কি? প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰা ৰাষ্ট্ৰীয় লজিষ্টিকচ্ নীতি দেশৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

প্রধানমন্ত্রী মোদীয়ে কয় যে চৰকাৰে প্রযুক্তি ব্যৱহাৰ কৰি লজিষ্টিক খণ্ডক শক্তিশালী কৰি তুলিছে৷

প্রধানমন্ত্রী মোদীয়ে কয় যে চৰকাৰে প্রযুক্তি ব্যৱহাৰ কৰি লজিষ্টিক খণ্ডক শক্তিশালী কৰি তুলিছে৷

এই নীতিয়ে মহামাৰীৰে ভৰা দুটা বছৰৰ পিছত দ্ৰুত বৃদ্ধিৰ সমৰ্থন কৰিব বিচাৰিছে। ই নিয়মসমূহ সুশৃংখলিত কৰিব আৰু যোগান-পক্ষীয় বাধাসমূহ সমাধান কৰিব, ইয়াৰ উপৰিও ইন্ধনৰ খৰচ হ্ৰাস আৰু লজিষ্টিক খৰচ কম কৰাৰ বাবে ৰোডমেপ প্ৰদান কৰিব।

  • Share this:
যোৱা ১৭ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় লজিষ্টিকচ্ নীতি (NLP) উন্মোচন কৰে। এই নীতিৰ লক্ষ্য হৈছে সামগ্ৰীৰ নিৰৱচ্ছিন্ন গতিবিধি আৰু উদ্যোগটোৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা। ইয়াত প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণ, ডিজিটাইজেচন, আৰু বহু-ম'ডাল পৰিবহণৰ দৰে ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব বুলি আশা কৰা হৈছে।


এই নীতিয়ে মহামাৰীৰে ভৰা দুটা বছৰৰ পিছত দ্ৰুত বৃদ্ধিৰ সমৰ্থন কৰিব বিচাৰিছে। ই নিয়মসমূহ সুশৃংখলিত কৰিব আৰু যোগান-পক্ষীয় বাধাসমূহ সমাধান কৰিব, ইয়াৰ উপৰিও ইন্ধনৰ খৰচ হ্ৰাস আৰু লজিষ্টিক খৰচ কম কৰাৰ বাবে ৰোডমেপ প্ৰদান কৰিব।

খচৰা নীতিটোত চৰকাৰে সকলো লজিষ্টিক আৰু বাণিজ্য সুবিধা প্ৰদানৰ বিষয়ৰ বাবে একক পইণ্ট অৱ ৰেফাৰেন্স সৃষ্টি কৰাৰ ব্যৱস্থা কৰিছে, যাৰ ফলত লজিষ্টিক খণ্ডৰ বাবে খৰচ পাঁচ বছৰত ১০ শতাংশলৈ হ্ৰাস পাব। লজিষ্টিক খণ্ডটো জিডিপিৰ ১৩-১৪ শতাংশ বুলি অনুমান কৰা হৈছে।

এক বিবৃতিত কোৱা হৈছে যে এই নীতি ভাৰতীয় সামগ্ৰীৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি, অৰ্থনৈতিক বিকাশ বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধিৰ এক প্ৰচেষ্টা। কেন্দ্রীয় চৰকাৰে তিনি বছৰ ধৰি ৰাষ্ট্রীয় লজিষ্টিক নীতিৰ কাম কৰি আহিছে৷

বাণিজ্য মন্ত্ৰালয়ে ২০১৯ চনত পৰামৰ্শৰ বাবে লজিষ্টিক নীতিৰ খচৰা প্ৰকাশ কৰিছিল যদিও Covid-19 মহামাৰীৰ বাবে পলম হৈছিল। ২০২২-২৩ বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুনৰবাৰ ঘোষণা কৰিলে ৰাষ্ট্ৰীয় লজিষ্টিকচ্ নীতি।

প্রধানমন্ত্রী মোদীয়ে কয় যে চৰকাৰে প্রযুক্তি ব্যৱহাৰ কৰি লজিষ্টিক খণ্ডক শক্তিশালী কৰি তুলিছে৷ শুল্ক আৰু ই-ৱে বিলত মুখবিহীন মূল্যায়ন আৰম্ভ হৈছে আৰু FASTag এ লজিষ্টিক খণ্ডত দক্ষতা আনিছে। বন্দৰসমূহ সংযোগ কৰাৰ বাবে সাগৰমালা প্ৰকল্প আৰু নিৰ্দিষ্ট মালবাহী কৰিডৰসমূহ লজিষ্টিক সংযোগ আৰু পদ্ধতিগত আন্তঃগাঁথনি উন্নয়নৰ কাম উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে বুলি মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি আৰু উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে ঘোষণা কৰা প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিখন বিশ্বই গ্ৰহণ কৰিছে বুলিও তেওঁ কয়।

চৰকাৰে লজিষ্টিক খণ্ডক শক্তিশালী কৰাৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰি আছে বুলিও তেওঁ কয়। শুল্ক আৰু ই-ৱে বিলত মুখবিহীন মূল্যায়ন আৰম্ভ হৈছে আৰু FASTag এ লজিষ্টিক খণ্ডত দক্ষতা আনিছে। ভাৰতীয় সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ হ’লে দেশখনে নিজৰ সমৰ্থন ব্যৱস্থা শক্তিশালী কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় লজিষ্টিকচ্ নীতিয়ে সমৰ্থন ব্যৱস্থাক আধুনিক কৰি তোলাত সহায় কৰে।
Published by:Subham Goswami
First published: