
বাবা কেদাৰনাথৰ দৰ্শন কৰাৰ লগতে মোদীয়ে কেদাৰনাথত ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব।
বাবা কেদাৰনাথৰ দৰ্শন কৰাৰ লগতে মোদীয়ে কেদাৰনাথত ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথ ধামত উন্মোচন কৰিব আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি। কেদাৰনাথত শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ আৰু ৩৫ টন ওজনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা শংকৰাচাৰ্যৰ সমাধিস্থলো মুকলি কৰিব। বাবা কেদাৰনাথৰ দৰ্শন কৰাৰ লগতে মোদীয়ে কেদাৰনাথত ৪০০ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰথমে প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথত পূজা–অৰ্চনা কৰিব। তাৰ পিছত আদি শংকৰাচাৰ্যৰ সমাধিৰ উদ্বোধন কৰাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীয়ে কেদাৰপুৰী পুনৰনিৰ্মাণ প্ৰকল্পৰো উদ্বোধন কৰিব। এই উপলক্ষে ফুলেৰে সুন্দৰকৈ সজাই তোলা হৈছে কেদাৰনাথ ধাম।
এই উপলক্ষে অসমৰ ৫টা মন্দিৰতো অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শংকৰাচাৰ্যই ভ্ৰমণ কৰি যোৱা ৫টা মন্দিৰত কৰা হৈছে আয়োজন। কামাখ্যা ধামত এই অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পুৱাই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় কামাখ্যা ধামত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|