প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভগৱান শিৱৰ ধাম কেদাৰনাথ (PM Modi in Kedarnath)ত আদিগুৰু শংকৰাচাৰ্যৰ (Adi Shankaracharya) প্ৰতিমূৰ্তি উন্মোচন কৰে। এটা শিলাখণ্ড কাটি নিৰ্মাণ কৰা শংকৰাচাৰ্যৰ এই ১২ ফুট উচ্চ আৰু ৩৫ টন ওজনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ সন্মুখত বহি আৰাধনা কৰে।
জানিব পৰা মতে, আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তিৰ প্ৰায় ১৮টা আৰ্হি প্ৰস্তুত কৰা হৈছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ সহমতিৰ পিছত ইয়াৰ ভিতৰত এটা আৰ্হি বাছনি কৰা হয়। মহীসুৰৰ শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো আজি শুভ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ৰিপ’ৰ্ট অনুসৰি, প্ৰায় ৯জন শিল্পীয়ে অহৰ্নিষে কষ্ট কৰি আদিগুৰু শংকৰাচাৰ্যৰ এই প্ৰতিমূৰ্তি তৈয়াৰ কৰিছে। এই প্ৰতিমূৰ্তিৰ নিৰ্মাণৰ কাম ২০২০ৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হৈছিল আৰু এই বছৰৰ ছেপ্টেম্বৰত চিনুক হেলিকপ্টাৰৰ সহায়ত উত্তৰাখণ্ডলৈ অনা হৈছিল। শিল্পীসকলে এই প্ৰতিমূৰ্তিটোৰ বাবে এটা বিশেষ শিল নিৰ্বাচিত কৰিছিল।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ মন্দিৰত উপস্থিত হৈ ভগৱান শিৱৰ বিশেষ পূজা–অৰ্চনা কৰে আৰু ৰুদ্ৰাভিষেক কৰে। মন্দিৰৰ মুখ্যদ্বাৰত উপস্থিত হোৱাৰ পিছতে পূজাৰীসকলে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীৰ এই কাৰ্যসূচী আদি শংকৰাচাৰ্যৰ দ্বাৰা স্থাপিত কৰা চাৰিধাম বদ্ৰীকাশ্ৰম জ্যোতিৰ্পীঠ বদ্ৰীনাথ, দ্বাৰিকা পীঠ, পুৰী পীঠ আৰু ৰামেশ্বৰম আৰু ১২ জ্যোতিৰ্লিংগসহ দেশৰ শিৱস্থানসমূহত পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথত শংকৰাচাৰ্যৰ সমাধিস্থলৰো শুভ উদ্বোধন কৰে, যিটো ২০১৩ চনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত ৪০০ কোটিৰো টকাৰ পুনৰনিৰ্মাণ কাৰ্যৰ উন্মোচন আৰু আধাৰশিলা স্থাপন কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|