
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব।
ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) ৮ এপ্ৰিলত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কোৰোণা ভাইৰাছ (Coronavirus)ৰ বৰ্ধিত ঘটনা আৰু ইয়াৰ বিৰুদ্ধে অব্যাহত থকা টিকাকৰণৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠক বৃহস্পতিবাৰে সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ’ব। কোৰোণাৰ বৰ্ধিত ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্বিগ্নতাৰ বিষয়ে এই কথাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰধানমন্ত্ৰী মোদীয়ে সপ্তাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ বৈঠকত বহিব।
এদিন পূৰ্বে ৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে কোৰোণাৰ বৰ্ধিত ঘটনাক লৈ এক উচ্চস্তৰীয় বৈঠক আহ্বান কৰিছিল, য’ত মোদীয়ে কৈছিল যে কোভিড–১৯ৰ শেহতীয়া সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্যসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। লগতে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচস্তৰীয় ৰণনীতি টেষ্টিং, ট্ৰেছিং, ট্ৰিটমেণ্ট, কোভিড ব্যৱহাৰ আৰু টিকাকৰণক গুৰুত্ব সহকাৰে আৰু বাধ্যতামূলকভাৱে কাৰ্যকৰীকৰণৰো পৰামৰ্শ দিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|