মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»নৰেন্দ্র মোদী দেশৰ সৰ্বকালৰ সৰ্বোচ্চ গণতান্ত্ৰিক নেতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি সিদ্ধান্ত লয়: অমিত শ্বাহ 

নৰেন্দ্র মোদী দেশৰ সৰ্বকালৰ সৰ্বোচ্চ গণতান্ত্ৰিক নেতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি সিদ্ধান্ত লয়: অমিত শ্বাহ 

News18 Assam | News18-Assam
Updated:October 11, 2021, 1:59 PM IST
নৰেন্দ্র মোদী দেশৰ সৰ্বকালৰ সৰ্বোচ্চ গণতান্ত্ৰিক নেতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি সিদ্ধান্ত লয়: অমিত শ্বাহ 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) অতি ধৈৰ্যশীল শ্ৰোতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে । এই মন্তব্য দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) অতি ধৈৰ্যশীল শ্ৰোতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে । এই মন্তব্য দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) অতি ধৈৰ্যশীল শ্ৰোতা; তেওঁ সকলোৰে সৈতে আলোচনা কৰি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰে । এই মন্তব্য দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

অক্টোবৰৰ ৭ তাৰিখে সংসদ টিভিত  দিয়া সাক্ষাৎকাৰত তেওঁ নৰেন্দ্ৰ মোদীক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক নেতা আখ্যা দিয়ে । মোদীয়ে কাৰো কথা নুশুনি এককভাৱে সিদ্ধান্তসমূহ লোৱাৰ ধাৰণাক সম্পূৰ্ণৰূপে খণ্ডন কৰে অমিত শ্বাহে । বিৰোধী ৰাজনৈতিক দলসমূহে এনে ধাৰণা বিয়পাইছে বুলি মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে । নৰেন্দ্র মোদীয়ে মুখ্যমন্ত্ৰী আৰু প্রধানমন্ত্ৰী হিচাপে সুদীৰ্ঘ ২০টা বছৰ অতিক্ৰম কৰাৰ উপলক্ষে গৃহমন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকাৰ প্ৰদান কৰে ।

তেওঁ কয় – নৰেন্দ্ৰ মোদীয়ে কিছু “risk” লয় আৰু সদায় অনুশাসনৰ পোষকতা কৰে কিন্তু শাসন আৰু নীতি সম্বন্ধীয় কোনো সিদ্ধান্ত তেওঁ জাপি নিদিয়ে । মোদীয়ে বিশ্বাস কৰে বিজেপি দল চৰকাৰলৈ কেৱল শাসন কৰিবলৈ অহা নাই; বৰঞ্চ ভাৰত নিৰ্মাণ কৰিবলৈ আহিছে । তেওঁ লগতে কয় – যিসকলে মোদীৰ লগত কাম কৰিছে বা মোদীৰ সমালোচকসকলেও এটা কথা মানিব লাগিব যে কেবিনেট মন্ত্ৰীসকল ইয়াৰ আগতে কাহানিও এনেধৰণৰে গণতান্ত্ৰিক ৰূপত পৰিচালিত হোৱা নাছিল ।

অমিত শ্বাহে মোদীৰ নিচিনা ভাল শ্ৰোতা জীৱনত দেখা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় – প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলোৰে কথা শুনে আৰু গুণগত পৰামৰ্শ যাৰ পৰাই আহে তেওঁ গ্ৰহণ কৰে । অৱশ্যে তেওঁ স্বীকাৰ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে চূড়ান্ত সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে ।

উল্লেখযোগ্য যে বিৰোধী দলসমূহে মোদীক একনায়কত্ববাদৰ পৃষ্ঠপোষক আখ্যা দি আছিল । বিমুদ্ৰাকৰণৰ সিদ্ধান্ত, তলাবন্ধৰ ঘোষণা, অনুচ্ছেদ ৩৭০ বাতিল আদি বহু সিদ্ধান্ত তেওঁ এককভাৱে লৈছে বুলি অভিযোগ উত্থাপন কৰি থাকে বিৰোধীয়ে । ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বাহে কয় – প্রতিটো এনে আক্ৰমণে মোদীক অধিক শক্তিশালী কৰি তোলে । দেশৰ ৰাইজ ভালকৈ অৱগত মোদীৰ কোনো ব্যক্তিগত অভিপ্ৰায় নাই; তেওঁ যি কৰে দেশৰ স্বাৰ্থৰ কাৰণে কৰে ।
Published by: Kokil Sarma
First published: October 11, 2021, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি