আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) উদ্বোধন কৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক লৈ (AI) পাঁচ দিনীয়া গ্লবেল ভাৰ্ছুৱেল ছামিট (Global AI Summit RAISE 2020)।
অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এয়া এক অতি সুন্দৰ পদক্ষেপ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত মুকলিকৈ আলোচনা হৈছে। কৌশলে আমাৰ কাম কৰাৰ স্থান সলনি কৰিছে।
মোদীয়ে কয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে মানুহৰ বুদ্ধিদ্বীপ্ততাৰ বাবে পুৰস্কাৰ যিয়ে টুল আৰু টেকন’লজী নিৰ্মাণত মানুহক সহায় কৰে।
ভাৰতত আমি এই অনুভৱ কৰিছো যে কৌশলে পাৰদৰ্শিতা আৰু সেৱা প্ৰদানত সংশোধন আনে বুলিও মন্তব্য কৰে মোদীয়ে।
মোদীয়ে কয়, ‘ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ আইডি ছিষ্টেম ইউনিক আইডেণ্টিটী ছিষ্টেমৰ আধাৰ, আমাৰ ওচৰত ইন’ভেটিভ ডিজিটেল পে’মেণ্ট ছিষ্টেম ইউপিআই আছে।’
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অপ্টিকেল ফাইবাৰ নেটৱৰ্কক উদগনি দিছো যাৰ উদ্দেশ্য গাঁওসমূহত দ্ৰুত ইণ্টাৰনেট সেৱা উপলব্ধ কৰোৱা। আমি ভাৰতক এ আইৰ ক্ষেত্ৰত গ্ল’বেল লীডাৰ বনাব বিচাৰো।
মোদীয়ে কয় যে এতিয়া বহু ভাৰতীয়ই এই ক্ষেত্ৰত কাম কৰি আছে, আহিবলগীয়া সময়ত আৰু অধিক লোক এই ক্ষেত্ৰখনত কাম কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|