নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাজনৈতিক বিষয়ৰ পৰা আঁতৰি বলীউড অভিনেতা অক্ষয় কুমাৰক ক’লে মনৰ কথা। অক্ষয় কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে মনৰ কথা, মাকৰ লগতে পৰিয়ালৰ কথাও ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
অসমৰ গামোচা কিয় ভাল পায় মোদীয়ে:
অক্ষয় কুমাৰৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰীৰ কি উত্তৰ?
অক্ষয় কুমাৰ : সাক্ষাৎকাৰৰ সময়ত অক্ষয় কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিছিল যে, যেনেকৈ মই মোৰ মাৰ লগত থাকো, আপুনি নিবিচাৰে নেকি আপোনাৰ মাতৃ, আপোনাৰ ভাতৃ আৰু আপোনাৰ পৰিয়াল আপোনাৰ লগত থাকক।
নৰেন্দ্ৰ মোদী : এই প্ৰশ্নত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মোৰ মায়ে কয় যে মোক লৈ ব্যস্ত থাকি সময় কিয় নষ্ট নকৰিবি।
অক্ষয় কুমাৰ : আপুনি কেৱল ৩.৩০ ঘণ্টাহে শুৱে। অক্ষয় কুমাৰে ক’লে যে ৭ ঘণ্টা শুৱই লাগে কাৰণ এয়া শৰীৰৰ কাৰণে বহুত প্ৰয়োজন।
নৰেন্দ্ৰ মোদী : যেতিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওৱামাই মোক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব আহিছিল তেতিয়া তেওঁও এই কথাটোত প্ৰথমে আচৰিত হৈছিল। তেওঁ কৈছিল যে মোদী জী আপুনি এনেকুৱা কিয় কৰে?
অক্ষয় কুমাৰৰ আম খোৱা প্ৰশ্নত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে মই সৰুৰে পৰা আম খাই বহুত ভাল পাও। বাল্যকালত মই আম নুধুৱাকৈয়ে আম খাইছিলো, কিন্তু এতিয়া মই নিয়ন্ত্ৰণ কৰো। এতিয়া মই ভাবো আম খোৱাৰ পূৰ্বে।
খং উঠা প্ৰশ্ন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ক’লে– মই ইমান দীঘলীয়া সময়লৈ মুখ্যমন্ত্ৰী আছিলো কিন্তু মই কেতিয়াও খং প্ৰকাশ কৰিব সুবিধা নাপালো। মই কঠোৰ, মই অনুশাসিত কিন্তু কেতিয়াও কাকো হেয় প্ৰতিপন্ন কৰা নাছিলো। বেছিভাগ এইটোৱে চেষ্টা কৰো যে কিবা কাম কৰিব দিলে তাত মই ১০০ শতাংশ দিও। শিকো আৰু শিকাও আৰু একতাত বিশ্বাস কৰো।
অক্ষয় কুমাৰৰ টুইট : অক্ষয় কুমাৰে টুইটাৰত লিখিলে, ‘দেশত চাৰিওফালে নিৰ্বাচন আৰু ৰাজনীতিৰ আলোচনা হৈ আছে, ইয়াত আপুনি শান্তিত উশাহ ল’ব পাৰিব। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নিৰপেক্ষ আৰু অৰাজনৈতিক বাৰ্তালাপৰ সুবিধা লাভ কৰি গৌৰৱ অনুভৱ কৰিছো।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|