মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»CAA আৰু NRCক লৈ আন্দোলন অব্যাহত থকাৰ মাজতে এইবাৰ NPRৰ প্ৰস্তুতি কেন্দ্ৰৰ

CAA আৰু NRCক লৈ আন্দোলন অব্যাহত থকাৰ মাজতে এইবাৰ NPRৰ প্ৰস্তুতি কেন্দ্ৰৰ

News18 Assam | News18-Assam
Updated:December 24, 2019, 11:30 AM IST
CAA আৰু NRCক লৈ আন্দোলন অব্যাহত থকাৰ মাজতে এইবাৰ NPRৰ প্ৰস্তুতি কেন্দ্ৰৰ
NPRৰ উদ্দেশ্য হৈছে ৬ মাহ বা তাতকৈ অধিক সময় ধৰি কোনো অঞ্চলত বসবাস কৰি থকা সকলো লোককে NPRত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। কোনো বিদেশী যদি দেশৰ কোনো স্থানত ৬ মাহ ধৰি বাস কৰি আছে, তেন্তে তেওঁলোকেও NPRত নিজৰ সকলো তথ্য দাখিল কৰিব লাগিব।

NPRৰ উদ্দেশ্য হৈছে ৬ মাহ বা তাতকৈ অধিক সময় ধৰি কোনো অঞ্চলত বসবাস কৰি থকা সকলো লোককে NPRত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। কোনো বিদেশী যদি দেশৰ কোনো স্থানত ৬ মাহ ধৰি বাস কৰি আছে, তেন্তে তেওঁলোকেও NPRত নিজৰ সকলো তথ্য দাখিল কৰিব লাগিব।

  • News18 Assam
  • Last Updated: December 24, 2019, 11:30 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ দেশজুৰি আন্দোলন–প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ কেন্দ্ৰীয় চৰকাৰে আন এক বৃহৎ পদক্ষেপৰ প্ৰস্তুতি চলাইছে। CAA–NRCৰ পিছত এইবাৰ মোদী চৰকাৰে আনিব NPR (National Population Register) চমুকৈ NPR। আজি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ বৈঠকত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে NPRত। NPR উন্নীতকৰণৰ প্ৰক্ৰিয়া আগন্তুক বৰ্ষৰ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।

PTIৰ খবৰ মতে, কেবিনেটৰ বৈঠকৰ বাবে নিৰ্ধাৰণ কৰা বিষয়সমূহৰ ভিতৰত NPRৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইয়াৰ বাবে কেবিনেটৰ পৰা ৩,৯৪১ কোটি টকা বিচাৰিছে। আজি কেবিনেট বৈঠকত NPRৰ বাবে বাজেটতো অনুমোদন জনোৱা হ’ব পাৰে।

কি এই NPR?

NPRৰ জৰিয়তে ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰলৈ নাগৰিকৰ ডাটাবেছ প্ৰস্তুত কৰাৰ বাবে দেশজুৰি ঘৰে ঘৰে গৈ জণগণনা কৰা হ’ব। দেশৰ সকলো লোকৰ পৰিচয়ৰ ডাটাবেছ প্ৰস্তুত কৰা NPRৰ মূল লক্ষ্য। এই ডাটাত জনসংখ্যাৰ লগতে বায়’মেট্ৰিক তথ্যও থাকিব।

১ এপ্ৰিল ২০২০ৰ পৰা হ’ব গণনা
NPR প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজন হ’ব পাৰে প্ৰায় ৩ বছৰ সময়। ইয়াৰ প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত হ’ব। প্ৰথম পৰ্যায়ৰ আৰম্ভণি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা হ’ব। ৩০ ছেপ্টেম্বৰৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰিব। NPRৰ দ্বিতীয় পৰ্যায় ২০২১ চনৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। তৃতীয় পৰ্যায়ত ১ মাৰ্চৰ পৰা ৫ মাৰ্চৰ ভিতৰত সংশোধনী প্ৰক্ৰিয়া হ’ব।

NRCৰ সৈতে কি পাৰ্থক্য NPRৰ?

NPR আৰু NRCৰ মাজত পাৰ্থক্য আছে। NRCৰ উদ্দেশ্য দেশত থকা অবৈধ নাগৰিকক চিনাক্ত কৰা। আনহাতে, NPRৰ উদ্দেশ্য হৈছে ৬ মাহ বা তাতকৈ অধিক সময় ধৰি কোনো অঞ্চলত বসবাস কৰি থকা সকলো লোককে NPRত অন্তৰ্ভুক্ত কৰাটো বাধ্যতামূলক। কোনো বিদেশী যদি দেশৰ কোনো স্থানত ৬ মাহ ধৰি বাস কৰি আছে, তেন্তে তেওঁলোকেও NPRত নিজৰ সকলো তথ্য দাখিল কৰিব লাগিব।

কোনে আৰম্ভ কৰিছিল এই NPR?
NPRৰ প্ৰক্ৰিয়া প্ৰথমে ২০১০ চনত ইউ পি এ চৰকাৰে আৰম্ভ কৰিছিল। ২০১১ চনত জণগণনাৰ পূৰ্বে এই কাম আৰম্ভ হৈছিল। এতিয়া পুনৰ ২০২১ত জণগণনা হ’ব। সেয়েহে NPRৰ কামো আৰম্ভ হ’ব।

(News18 Hindiৰ পৰা সংগৃহীত)

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 24, 2019, 11:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি