'কোনো হিন্দু সন্ত্ৰাসবাদী নহয়’–এই মন্তব্যৰ বাবে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰ’ল

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া মন্তব্যক লৈ বাৰুকৈ অসন্তুষ্ট টুইটাৰ ব্যৱহাৰকাৰী। প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰ মন্তব্যক তথ্যৰে জুখি–মাখি চোৱা টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ৰেহাই নিদিলে।

news18assam
Updated:April 17, 2019, 12:50 PM IST
'কোনো হিন্দু সন্ত্ৰাসবাদী নহয়’–এই মন্তব্যৰ বাবে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্ৰ’ল
প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া মন্তব্যক লৈ বাৰুকৈ অসন্তুষ্ট টুইটাৰ ব্যৱহাৰকাৰী। প্ৰতিগৰাকী ৰাজনৈতিক নেতাৰ মন্তব্যক তথ্যৰে জুখি–মাখি চোৱা টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ৰেহাই নিদিলে।
news18assam
Updated: April 17, 2019, 12:50 PM IST
যোৱা ১ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এক মন্তব্য়ক লৈ ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল হিন্দুসকলে কেতিয়াও কোনো ধৰণৰ সন্ত্ৰাসবাদৰ ঘটনাৰ সৈতে জৰিত হোৱাৰ নজিৰ নাই। ৱাৰ্ধাৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আমেঠিৰ লগতে কেৰালাৰ ৱায়ানাডৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্তক কটাক্ষ কৰিছিল। তেওঁ কৈছিল যে ৰাহুল গান্ধীয়ে এক তথাকথিত সংখ্যলঘূ অধ্যুষিত সমষ্টিৰ পৰা নিৰ্বাচনত উঠাৰ কাৰণ হৈছে তেওঁৰ হিন্দু ভীতি। ভোটাৰক আকৃষ্ট কৰিবলৈ কংগ্ৰেছে ‘হিন্দু সন্ত্ৰাসবাদ’ৰ কাৰ্ড ব্যৱহাৰ কৰাৰ অভিযোগেৰে সৰৱ হৈ পৰিছিল নৰেন্দ্ৰ মোদী। অৱশ্যে মোদীৰ এই মন্তব্য তথ্য প্ৰমাণ লৈ সদায় সাজু হৈ থকা টুইটাৰ ব্যৱহাৰকাৰীয়ে সহজভাৱে নল’লে আৰু প্ৰধানমন্ত্ৰীগৰাকীক উভটি ধৰে। টুইটাৰত বহুসংখ্যক টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখে যে মোদীৰ মন্তব্য গ্ৰহণযোগ্য নহয়  এইকাৰণে যে তেওঁ এজন কুখ্যাত ‘হিন্দু সন্ত্ৰাসবাদী’ তথা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ কথা পাহৰি গৈছে। উল্লেখযোগ্য যে ৩০জানুৱাৰী, ১৯৪৮চনত কট্টৰ সোঁ–পন্থী মতবাদত বিশ্বাসী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আৰু মহাত্মা গান্ধীৰ ধৰ্মনিৰপেক্ষ বিচাৰধাৰাৰ ঘোৰ বিৰোধী নাথুৰাম গডছেই মহাত্মাৰ সন্মুখত থিয় হৈ শূণ্য দূৰত্বৰ পৰা তিনিজাঁই গুলীৰে তেওঁক থকা–সৰকা কৰিছিল। মহাত্মাৰ হত্যাকাৰী গডছেক ১৯৪৯চনত ফাঁচী কাঠত ওলমোৱা হৈছিল। এই কথা টুইটাৰ ব্যৱহাৰকাৰীসকলে যথেষ্ট উত্‍সুকতাৰে ৰাজহুৱা কৰি প্ৰধানমন্ত্ৰীসহ সকলোকে সোঁৱৰাই দিয়ে।









 

 

একাংশই অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ হৈ যুক্তিও আগবঢ়ালে।



 

আনহাতে একাংশই সন্ত্ৰাসবাদৰ যে কোনো ধৰ্ম নাই সেই কথা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিলে।



 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি