‘প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মাজত মই ঈশ্বৰক দেখা পাইছো’– আবেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী

News18 Assam | News18-Assam
Updated:March 7, 2020, 3:36 PM IST
‘প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মাজত মই ঈশ্বৰক দেখা পাইছো’– আবেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন ঔষধী কেন্দ্ৰৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাৰ্তালাভ কৰে।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন ঔষধী কেন্দ্ৰৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাৰ্তালাভ কৰে।

  • Share this:
আবেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উত্তাৰখণ্ডৰ দীপা শ্বাহ নামৰ এগৰাকী মহিলাৰ মন্তব্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আবেগিক কৰি তোলে।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন ঔষধী কেন্দ্ৰৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বাৰ্তালাভ কৰে।

উত্তৰাখণ্ডৰ এটা জন ঔষধী কেন্দ্ৰত উপস্থিত থাকি দীপা শ্বাহে প্ৰধানমন্ত্ৰীক কয় যে, পেৰালাইছিছত আক্ৰান্ত হোৱাৰ পিছত প্ৰতিমাহে তেওঁক ৫ হাজাৰ টকাৰ ঔষধৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া তেওঁ প্ৰয়োজনীয় ঔষধ ১৫০০ টকাতে ক্ৰয় কৰিব পাৰে। কথা খিনি কয় থকাৰ সময়ত মহিলাগৰাকীৰ দুচকুৰে নিগৰি আহে চকুলো। চৰকাৰে ইমানখিনি সুবিধা কৰি দিয়াৰ ফলত এতিয়া তেওঁৰ পৰিয়ালেও কিছু সকাহ পাইছে বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে। দীপা শ্বাহে আনকি কয় যে, ‘মই ঈশ্বৰ দেখা নাই, কিন্তু এতিয়া আপোনাৰ মাজতে দেখা পাইছো ঈশ্বৰ।’

মহিলগৰাকীৰ কথা শুনি আবেগিক হৈ পৰে প্ৰধানমন্ত্ৰী মোদীও। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চ যোগে লগতে কয় ‘মই ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে, তেওঁলোকে চিকিৎসকসকলক জেনেৰিক ঔষধ লিখিবলৈ কওক।’


Published by: Himangshu Bhuyan
First published: March 7, 2020, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি