• Home
  • »
  • News
  • »
  • nation
  • »
  • Corona Vaccination: দিনটোৰ অভিলেখসংখ্যক টিকাকৰণক লৈ সুখ প্ৰকাশ কৰি মোদীয়ে ক'লে– Well Done India

Corona Vaccination: দিনটোৰ অভিলেখসংখ্যক টিকাকৰণক লৈ সুখ প্ৰকাশ কৰি মোদীয়ে ক'লে– Well Done India

মোদীয়ে কয় যে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজত ভেকচিনেই আটাইতকৈ শক্তিশালী অস্ত্ৰ।

মোদীয়ে কয় যে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজত ভেকচিনেই আটাইতকৈ শক্তিশালী অস্ত্ৰ।

মোদীয়ে কয় যে কোৰোণা ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজত ভেকচিনেই আটাইতকৈ শক্তিশালী অস্ত্ৰ।

  • Share this:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত সোমবাৰে আৰম্ভ হোৱা কোৰোণা ভাইৰাছৰ টিকাকৰণ অভিযানৰ প্ৰথমটো দিনতে অভিলেখ সংখ্যক টিকাকৰণৰ বাবে আনন্দ প্ৰকাশ কৰে৷ তেওঁ কয়, "দেশত আজিৰ অভিলেখ ভংগকাৰী টিকাকৰণৰ সংখ্যা আনন্দদায়ক৷ কোৰোণা ভাইৰাছৰ বিৰুদ্ধে কৰা যুঁজত ভেকচিনেই আমাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। সকলো টিকাকৰণত জড়িত ব্যক্তি তথা ফ্ৰণ্টলাইন যোদ্ধাসকলক অভিনন্দন, যাৰ কঠোৰ পৰিশ্ৰমে অধিকসংখ্যক লোকৰ টিকাকৰণ নিশ্চিত কৰিছিল। খুব ভাল ভাৰত (Well done India)!'
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰথম দিনাই সন্ধিয়া ৭ বজালৈকে প্ৰায় ৮০.৯৬ লাখ লোকক টিকাকৰণ কৰা হৈছে। মন্ত্ৰালয়ে কয় যে মধ্য প্ৰদেশ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, গুজৰাট আৰু হাৰিয়ানাৰ দৰে পাঁচখন বিজেপি শাসিত ৰাজ্য টিকাকৰণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল। সন্ধিয়া ৫ বজালৈকে মধ্য প্ৰদেশত ১৩ লাখ, কৰ্ণাটকত ৮.৭৩ লাখ আৰু উত্তৰ প্ৰদেশত ৫.৮৪ লাখ পালি দিয়া হৈছিল।


আনহাতে অসমত আজিৰ দিনটোত নিশা ৮ বজালৈ Co-win প'ৰ্টেলত পোৱা হিচাপ অনুসৰি ৩,৩০,৮৪৯ গৰাকীক কোৰোণা টিকা দিয়া হয়। অৱশ্যে অফলাইন পঞ্জীয়নৰ তথ্যও ইয়াৰ সৈতে যোগ হ'ব।



কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় কেন্দ্ৰীয় চৰকাৰৰ কোভিড-১৯ৰ নতুন নীতিয়ে আজিৰ পৰা সমগ্ৰ দেশত প্ৰভাৱ বিস্তাৰ কৰিছে। নতুন নীতি অনুসৰি, কেন্দ্ৰীয় চৰকাৰে এতিয়া ভেকচিন নিৰ্মাতাসকলৰ পৰা ৭৫ শতাংশ ভেকচিন ক্ৰয় কৰিব আৰু ৰাজ্যসমূহক বিনামূলীয়াকৈ দিব, আনহাতে ২৫ শতাংশ ভেকছিন ব্যক্তিগত চিকিৎসালয়ে ক্ৰয় কৰিবলৈ সক্ষম হ'ব।


উল্লেখ্য, ইয়াৰ আগেয়ে এদিনত সৰ্বাধিক ভেকচিন দিয়া হৈছিল এপ্ৰিলৰ প্ৰথম ভাগত। ৪৩ লাখ লোকক এদিন ভেকচিন দিয়া হৈছিল। নিউজ–১৮ৰ হাতত পৰা তথ্য মতে, চৰকাৰে আগষ্টৰ পৰা নতুন ভেকচিন নীতি অনুসৰি এদিনত ১ কোটি লোকক ভেকচিন প্ৰদানৰ কথা চিন্তা কৰি আছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি