
ৰাজধানী জয়পুৰৰ আমেৰ কিলাৰ সমীপত বজ্ৰ পৰাৰ ফলত ১১জন লোকৰ মৃত্যু হয়। আন ৮জন লোক আহত হয় এই ঘটনাত।
ৰাজধানী জয়পুৰৰ আমেৰ কিলাৰ সমীপত বজ্ৰ পৰাৰ ফলত ১১জন লোকৰ মৃত্যু হয়। আন ৮জন লোক আহত হয় এই ঘটনাত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে ৰাজস্থানৰ বিভিন্ন অঞ্চলত বজ্ৰপাতৰ ফলত হোৱা মৃত্যুৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে জয়পুৰ, ঝালাৱাড় আৰু ধলপুৰ জিলাত দেওবাৰে বজ্ৰপাতৰ পৃথক পৃথক ঘটনাত ৭টা শিশুসহ ১৮জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ মতে, পৃথক পৃথক গাঁৱত হোৱা এই ঘটনাত ৬টা শিশুসহ ২১জন লোক আহতও হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে পুৱা এক টুইটযোগে কয়, ‘ৰাজস্থানৰ কিছু অঞ্চলত বজ্ৰপাতৰ ফলত কেইবাজনো লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই ঘটনাত অত্যন্ত মৰ্মাহত। মই মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।’
উল্লেখযোগ্য যে ৰাজধানী জয়পুৰৰ আমেৰ কিলাৰ সমীপত বজ্ৰ পৰাৰ ফলত ১১জন লোকৰ মৃত্যু হয়। আন ৮জন লোক আহত হয় এই ঘটনাত। মৃতসকলৰ অধিকসংখ্যক যুৱক, যিসকলে পাহাৰৰ ওপৰত মনোমোহা বতৰৰ আনন্দ ল’বলৈ গৈছিল। তাৰ কিছুসংখ্যকে ৱাচ টাৱাৰৰ ওপৰত ছেলফি লৈ আছিল। জয়পুৰৰ আৰক্ষী আয়ুক্ত আনন্দ শ্ৰীবাস্তৱে কয়, ‘বজ্ৰপাতৰ ফলত ১১জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৮জন আহত হৈছে।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|