প্ৰতিবছৰে দিপাৱলী আৰু হোলী ভাৰতীয় সেনা জোৱানসকলৰ সৈতে উদযাপন কৰে। সীমান্তৱৰ্তী জিলাত জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰৰ বাবে দিপাৱলী উদযাপন কৰিব।
প্ৰতিবছৰে দিপাৱলী আৰু হোলী ভাৰতীয় সেনা জোৱানসকলৰ সৈতে উদযাপন কৰে। সীমান্তৱৰ্তী জিলাত জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰৰ বাবে দিপাৱলী উদযাপন কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi ) আজি উপস্থিত হ’ব জম্মু–কাশ্মীৰ (Jammu Kashmir)স্থিত নৌছেৰা (Naushera)ত। ভাৰতীয় সেনাৰ (Indian Army) সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে উদযাপন কৰিব পোহৰৰ উৎসৱ দিপাৱলী। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে জম্মুত উপস্থিত হোৱাৰ পিছত হেলিকপ্টাৰেৰে নৌছেৰালৈ যাব। ভাৰতীয় সেনাৰ জোৱানসকলৰ সৈতে দিপাৱলী উদযাপনৰ লগতে মোদীয়ে ফৰৱাৰ্ড পোষ্টো পৰিদৰ্শন কৰিব।
উল্লেখযোগ্য যে প্ৰতিবছৰে দিপাৱলী আৰু হোলী ভাৰতীয় সেনা জোৱানসকলৰ সৈতে উদযাপন কৰে। সীমান্তৱৰ্তী জিলাত জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি দ্বিতীয়বাৰৰ বাবে দিপাৱলী উদযাপন কৰিব।
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰতীয় সেনাৰ মুৰব্বী (COAS) এম এম নৰৱানেই উক্ত স্থান পৰিভ্ৰমণ কৰাৰ লগতে সকলো প্ৰস্তুতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে এম এম নৰৱানেই বুধবাৰে দুদিনীয়া কাৰ্যসূচীৰে উক্ত স্থান পৰিদৰ্শন কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|