দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ মাহেকীয়া ৰেডিঅ' ভাষণৰ ৯৯ তম সংস্কৰণ ‘মন কি বাত’ সম্বোধন কৰে। ২০১৪ চনৰ ৩ অক্টোবৰত বিজয় দশমী উপলক্ষে প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰিত হোৱা অনুষ্ঠানটোৱে এতিয়া সফলতাৰে ৯৯ টা খণ্ড সম্পূৰ্ণ কৰিছে। আগন্তুক ৩০ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে মাহেকীয়া কাৰ্যসূচীৰ ১০০ তম খণ্ডত ভাষণ দিব।
'মন কি বাত' হৈছে এক মাহেকীয়া বাৰ্তালাপ অনুষ্ঠান যি প্ৰতি মাহৰ শেষ দেওবাৰে অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হয়। এই ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ নাগৰিকসকলক সম্বোধন কৰে।
প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে বিভিন্ন ক্ষেত্ৰত মানুহ আৰু সমাজলৈ তেওঁলোকৰ অৱদানক স্বীকৃতি আৰু উদযাপন কৰিবলৈ ৰেডিঅ’ৰ জৰিয়তে 'মন কি বাত' অনুষ্ঠান ব্যৱহাৰ কৰিছে। তেওঁ ক্ষুদ্ৰ ব্যৱসায়, মহিলা উদ্যোগী আৰু বহনক্ষম ব্যৱসায়ীসকলৰে আলোচনাত মিলিত হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 26, 2023, 13:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।