ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ পিছত দেওবাৰে দেশলৈ উভতি আহে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৬৫ ঘণ্টাত ২০খন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে অনুষ্ঠিত আটাইতকৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকখন উল্লেখযোগ্য। জ' বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত এয়া আছিল মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণৰ কাৰ্যসূচী।
এই ভ্ৰমণকালত মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিডে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় মূলৰ প্ৰথমগৰাকী আমেৰিকান উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও বৈঠকত মিলিত হয়।
২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ কোৱাড সন্মিলনতো ভাগ লয়। উল্লেখযোগ্য যে , জ' বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত কিছু ফাট মেলিব বুলি ভাৰত বিৰোধী শক্তিসমূহে আশা কৰাৰ সময়তে মোদীক আমেৰিকাৰ নৱনিযুক্ত ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ গুৰুত্ব দিয়া কাৰ্যই চিন্তিত কৰি তুলিছে চীন, পাকিস্তানৰ দৰে ভাৰতবিৰোধী ৰাষ্ট্ৰসমূহক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|